25 C
Guwahati
Friday, September 17, 2021
More

    প্ৰক্ৰিয়া লেহেমীয়া, কিন্তু অতিক্ৰম কৰিলে এক কোটিৰ সীমা; মুখ্যমন্ত্ৰী হিমন্তই দিলে এই সুখবৰ

    প্ৰক্ৰিয়া লেহেমীয়া, কিন্তু অতিক্ৰম কৰিলে এক কোটিৰ সীমা; মুখ্যমন্ত্ৰী হিমন্তই দিলে এই সুখবৰ

    সংহাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছক পৰাস্ত কৰিবলৈ সমগ্ৰ বিশ্বতে এতিয়া চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া । ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে চিকিৎসা বিজ্ঞানৰ সৈতে জৰিত বিভিন্ন সংস্থা সমূহে ভেকচিনকে প্ৰাধন্য দিছে।

    ভাৰততো চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। প্ৰথম অৱস্থাত ভেকচিন গ্ৰহণ কৰিবলৈ সাধাৰণ জনতাৰ মনত কিছু ভয়-শংকাৰ সৃষ্টি হৈছিল যদিও এতিয়া এই প্ৰক্ৰিয়াটো সঠিক দিশত আগবাঢ়িছে।

    ভাৰতৰ অন্য ৰাজ্যৰ সমান্তৰালকৈ অসমতো সুন্দৰভাৱে চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া।

    ৩ কোটিৰো অধিক লোকে বাস কৰা অসমত এতিয়ালৈকে ১ কোটিৰ অধিক লোকে ভেকচিন গ্ৰহণ কৰিছে। এই কথা জানিব দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    মঙলবাৰে এটা টুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংকটৰ মাজতে এটা ভাল খবৰ। অসমৰ এক কোটিৰো অধিক লোকে ভেকচিন লৈছে।

    ৰাজ্যখনে পৰ্যাপ্ত পৰিমানৰ ভেকচিন লাভ কৰি থকাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়।

    ইয়াৰ উপৰি ভেকচিনেশ্যন প্ৰক্ৰিয়াত জৰিত হৈ থকা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

    উল্লেখ্য যে অসমত বৰ্তমানলৈকে ১,০০২২,৩৫৯ গৰাকী লোকে ভেকচিন গ্ৰহণ কৰিছে। ইয়াৰে ৮২,২৬,৩২১ গৰাকীয়ে প্ৰথম ড’জ আৰু ১৭,৯৬,০৩৮ গৰাকীয়ে দ্বিতীয় ড’জ লৈছে।

    আৰু পঢ়ক : অসমৰ তিনিখন জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান, বহিঃৰাজ্যলৈ যোৱা শ-শ বাহন আৱদ্ধ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং