22 C
Guwahati
Thursday, January 20, 2022
More

    অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত, হাস্পতালত ভৰ্তি

    অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত, হাস্পতালত ভৰ্তি

    ক’ভিডত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৃহস্পতিবাৰে এজন বিষয়াই এই কথা জনায়।

    বুধবাৰে আক্ৰান্ত হোৱা মুখী বৰ্তমান গুৱাহাটীস্থ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে।

    ‘যোৱা নিশা ৰাজ্যপাল গৰাকীক এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ বৰ্তমান সুস্থিৰ অৱস্থাত আছে’, এজন বিষয়াই কয়।

    ইফালে ৰাজ্যপাল গৰাকীৰ পত্নী ক’ভিড নিগেটিভ হৈছে আৰু তেওঁ বৰ্তমান ৰাজ ভৱনতে আছে।  

    উল্লেখ্য যে ৰাজ্যত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়ে স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে।

    বুধবাৰৰ দিনটোত ৰাজ্যত ৩২৭৪ গহৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে চাৰিগৰাকীৰ মৃত্যু হৈছিল। কামৰূপ মহানগৰত সৰ্বাধিক ১১৩৮ গৰাকী লোক আক্ৰান্ত হৈছে।

    আৰু পঢ়ক : ইছৰোৰ নতুন মুৰব্বী হিচাপে এছ সোমনাথৰ নাম ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং