
আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ আগন্তুক অলিম্পিকলৈ প্ৰস্তুতি সন্দৰ্ভত চৰকাৰৰ সহযোগিতা সম্পৰ্কে মত প্ৰকাশ কৰে।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলত পৰৱৰ্তী পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব বুলিও লগতে ঘোষণা কৰে।
লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষকৰ কাৰণে ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখকৈ টকা খৰচ কৰিব বুলি কয়।
ইপিনে, লাভলীনা বৰগোঁহাইৰ লগতে হিমা দাসৰ ক্ষেত্ৰতো অসম চৰকাৰে মাহে ১ লাখকৈ টকা খৰচ কৰিব বুলি কয়।
উল্লেখযোগ্য যে, বিগত টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক দখল কৰি অসমৰ প্ৰথমগৰাকী অলিম্পিকত পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
আৰু পঢ়ক : যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা তিনিখন ৰাষ্ট্ৰৰ নেতা