”প্ৰতিমাহে ১ লাখ টকা, লাভলীনাৰ নামত গুৱাহাটীত এটি পথ,ক্ৰীড়া প্ৰকল্প নিৰ্মাণ,DSP পদ” ঘোষণা অসম চৰকাৰৰ

0
1190
''প্ৰতিমাহে ১ লাখ টকা, লাভলীনাৰ নামত গুৱাহাটীত এটি পথ,ক্ৰীড়া প্ৰকল্প নিৰ্মাণ

”প্ৰতিমাহে ১ লাখ টকা, লাভলীনাৰ নামত গুৱাহাটীত এটি পথ,ক্ৰীড়া প্ৰকল্প নিৰ্মাণ,DSP পদ” ঘোষণা অসম চৰকাৰৰ

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি আজি এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় লাভলীনা বৰগোহাঁই। খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীস্থিত কলাক্ষেত্ৰত বৃহত সভা অনুষ্ঠিত কৰা হয়।

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । শৰ্মাই কয় যে ”আজি আমাৰ বাবে গৌৰৱৰ দিন।
প্ৰাৰ্থনা কৰিছো লাভলীনা যেন আৰু আগুৱাই যায়। মই পিতৃ মাতৃলৈ অসম বাসীৰ হৈ শ্ৰীচৰণত সেৱা জনাইছো”।

”মোৰ আশা অসমে আৰু বহুত লাভলীনাক জন্ম দিব। ভোগেশ্বৰ বৰুৱাৰ এটা সময়ত পথ দেখুৱাইছিল। শিৱ থাপা, হিমা দাস, জয়ন্ত তালুকদাৰ ,দীপাংকৰ ভট্টাচাৰ্য সকলোকে মই আকৌ এবাৰ স্মৰণ কৰিছো”।

অসম বাসীয়ে আজি লাভলীনাক যিমানেই দিব খোজে সিমানেই কম হ’ব বুলি মন্তব্য কৰি শৰ্মাই কয় যে DSP পদলৈ নিমন্ত্ৰণ লাভলীনাক। মই ভাৱো লাভলীনাই অসম আৰক্ষীৰ DSP পদত অতি সোনকালে আহি যোগদান কৰক।

”পৰৱৰ্তী অলিম্পিকলৈ প্ৰতি মাহত লাভলীনাক খেলৰ বাবে খাদ্যৰ বাবে এক লাখ টকাকৈ দিব অসম চৰকাৰে। ক্ৰীড়া প্ৰকল্প নিৰ্মান হ’ব লাভলীনাৰ নামত। গুৱাহাটীত এটা পথ লাভলীনাৰ নামত নামাকৰণ হ’ব” এই ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।

তদুপৰি লাভলীনা আঁৰত থকা পদুম বড়ো, সন্ধ্যা গোৰোং, ৰাফেল গামাগক্সা চাৰি গৰাকীলৈ ১০ লাখ টকাৰ ঘোষণা কৰে চৰকাৰে।

আৰু পঢ়ক : ফান্দত পৰিল আঙুৰলতা! উন্নয়নৰ নামত ২০ কোটি টকা আত্মসাতৰ অভিযোগ, সাঙুৰ খাইছে…