21 C
Guwahati
Thursday, January 20, 2022
More

    থলুৱা শিপিনীৰ পৰা বিক্ৰী নোহোৱাকৈ থকা পৰম্পৰাগত হস্তশিল্পৰ বস্ত্ৰ ক্ৰয় কৰিব

    থলুৱা শিপিনীৰ পৰা বিক্ৰী নোহোৱাকৈ থকা পৰম্পৰাগত হস্তশিল্পৰ বস্ত্ৰ ক্ৰয় কৰিব

    ক’ভিড মহামাৰীৰ ফলত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত হোৱা শিপিনীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ আৰ্টফেড আৰু এ জি এম চি লিমিটেডৰ জৰিয়তে থলুৱা শিপিনীসকলৰ পৰা বিক্ৰী নোহোৱাকৈ থকা পৰম্পৰাগত হস্তনিৰ্মিত বস্ত্ৰ ক্ৰয় কৰিব।

    এই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে স্ব-নিৰ্ভৰ নাৰী নামেৰে এক আঁচনি ৰূপায়ন কৰিব। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে য়াৰ্ণ পাছবুক আঁচনিৰ অধীনত য়াৰ্ণ পাছবুক থকা প্ৰায় ১.২৩ লাখ শিপিনীক সামৰি ল’ব। আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্ব-নিৰ্ভৰ নাৰী প্ৰকল্পৰ পৰ্যালোচনামূলক এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    আঁচনিখনৰ সবিশেষ পৰ্যালোচনা কৰি মুখ্য মন্ত্ৰী ড০ শৰ্মাই এই আঁচনিখনৰ সুযোগ যাতে কোনো মধ্যভোগীয়ে লাভ কৰিব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। পৰৱৰ্তী বিত্তীয় বৰ্ষত এই আঁচনিখনৰ সঠিক ৰূপায়নৰ ওফৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে শিপিনীৰ পঞ্জীয়ন প’ৰ্টেল এটা আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

    আঁচনিখনৰ জৰিয়তে যাতে সৰ্বাধিক শিপিনীক সামৰি ল’ব পৰা যায় তাৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত ক্ৰয় কেন্দ্ৰ মুকলি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

    হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক গামোচা,আৰনাই, কাৰ্বি প’হ’, মণিপুৰী খুদেই, ৰাভা পাজাৰ, ডিমাচা ৰিচাবাচা, মিচিং ডুমাৰ আৰু মাফলাৰ ইত্যাদি প্ৰমুখ্যে ২৯ টা হাতেৰে বোঁৱা বস্ত্ৰ চিনাক্ত কৰে। ৰাজ্য চৰকাৰে এছ অ পি ডি- অ ডি এছৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষত ৮০ কোটি টকা ব্যয় কৰাৰ ব্যৱস্থা ৰাখিছে।

    বিষয়াসকলে কাপোৰত সূতাৰ প্ৰয়োগ, আকাৰ, ওজন আৰু আৰ্হি অনুসৰি সামগ্ৰীৰ মান নিৰূপন কৰিছে। যিবোৰ সামগ্ৰী ক্ৰয় কৰা হ’ব সেইসমূহ আৰ্টফেড আৰু এ জি এম চিৰ শ্ব’ৰুমৰ জৰিয়তে বিক্ৰী কৰা হ’ব। ইয়াৰ লগতে অ’নলাইন ব্যাৱস্থাৰো সহায় লোৱা হ’ব।

    আৰু পঢ়ক : গুৱাহাটীত এদিনতে ক’ভিড প’জিটিভ ১০০০ কৈ অধিক লোক, ৰাজ্যত অতি ভয়াবহ ক’ভিড সংক্ৰমণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং