সুখবৰ; অহা জুন মাহৰ ভিতৰত ১৬ হাজাৰ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে

0
506
বিধানসভাত সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, অহা জুন মাহৰ ভিতৰত....
ফাইল ফটো

অহা জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে। বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা জনায়।

অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ স্বৰূপে অহা জুন মাহৰ ভিতৰত ১৬ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে বিধানসভাত সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে নিযুক্তি লাভ কৰা ল’ৰা-ছোৱালীবোৰে গাঁৱলৈ যাব নিবিচৰাটোও এক ডাঙৰ সমস্যা বুলি কয়।

আনহাতে সংখ্যালঘু অঞ্চল সমূহত স্কুল-কলেজৰ সংখ্যা বৃদ্ধি কৰি ছাত্ৰীসকলৰ পঢ়াত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইয়াৰ উপৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মডেল স্কুল স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি এইক্ষেত্ৰত বিধায়কসকলক তালিকা প্ৰদান কৰিবলৈ কয়।

আৰু পঢ়ক : ভয়ংকৰ ঘটনা! ১০-১২ টা ঘৰত বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি জুই লগাই দিলে, বৰ্তমানলৈ ১০ লোকৰ মৃত্যু