অসমৰ চৰকাৰে মঙলবাৰে ‘মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি’ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে সাধাৰণতে দেশত আৰু বিশেষকৈ ৰাজ্যখনত ক’ভিড-১৯ ৰ প্ৰকোপ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ ফলত মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে।
বিবৃতিটোত উল্লেখ কৰিছে যে পৰ্টেল https://cmcovidsupport.assam.gov.in ত আবেদন পত্ৰখন ২৫ মাৰ্চৰ পৰা বন্ধ কৰা হৈছে।
উল্লেখ্য যে মঙলবাৰৰ সন্ধিয়ালৈকে অসমত বৰ্তমান ১০ গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে। বৰ্তমান ৰাজ্যত পজিটিভিটি হাৰ এক শতাংশৰো তলত আছে।
নেশ্যনেল হেলথ মিশ্যন, অসমে জনোৱা অনুসৰি আজি অসমত তিনিজন ক’ভিডত আক্ৰান্ত হৈছে।
ইফালে আজি ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি জি চি আই) অনুমোদন জনোৱাৰ পিছত ৰাজ্য চৰকাৰ ৬ৰ পৰা ১২ বছৰ বয়সীয়া শিশুক ক’ভিড ভেকচিন দিবলৈ সাজু হৈ উঠিছে।
আৰু পঢ়ক : এছিয়ান গেইমছলৈ যোগ্যতা অৰ্জন কৰা অম্লান বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ ৫ লাখ টকা