29 C
Guwahati
Thursday, September 23, 2021
More

    মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষীৰ তিনিগৰাকী জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ চেক

    যোৱা সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱান সকলৰ তিনিজনৰ ঘৰত মন্ত্ৰী অশোক সিংঘাল উপস্থিত হৈ পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ চেক প্ৰদান কৰে।

    প্ৰথমতে আলগাপুৰ সমষ্টিৰ ভাটিৰকুপা গাঁৱত শ্বহীদ লিটন শুক্লবৈদ্যৰ ঘৰত উপস্থিত হৈ তেওঁৰ মাতৃৰ হাতত ৫০ লাখ টকাৰ চেক হস্তান্তৰ কৰে।

    পিছত হাইলাকান্দি চহৰৰ স্বপন ৰায় আৰু কৃষ্ণপুৰ গাঁৱৰ চামচুজ্জামান বড়ভূঞাৰ ঘৰত উপস্থিত হৈ চেক সমূহ তেওঁলোকৰ পৰিয়ালৰ হাতত তুলি দিয়ে।

    ইপিনে চেক হস্তান্তৰ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অতি শীঘ্ৰে শ্বহীদ পৰিয়ালৰ কোনো সদস্যক একোটাকৈ চাকৰি দিয়া হ’ব বুলি জনায়।

    তদুপৰি ৰাজ্য চৰকাৰে অতি সোনকালে মিজোৰামৰ লগত চলা সকলো সমস্যাৰ সমাধান হ’ব বুলি উল্লেখ কৰে।

    ইফালে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি সমষ্টিৰ ছোট ভূবিৰবন্ধ গাঁৱৰ পৰা মিজোৰামে তিনিটা অসমীয়া পৰিয়ালক খেদি পঠিওৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে আজি এই বিষয়ত কৰিমগঞ্জৰ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সভাত মিলিত হ’ব বুলি জনায়।

    লগতে ড‍০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সীমান্ত সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ বাবেহে এতিয়া ভূমি বেদখলৰ তথ্য সমূহ পোহৰলৈ অহা আৰম্ভ হৈছে বুলিও মন্তব্য কৰে তেওঁ।

    মন্ত্ৰী অশোক সিংঘালৰ লগত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, লক্ষ্মীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰাই, ৰাতাবাৰি সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, হাইলাকান্দি জিলা উপায়ুক্ত ৰোহন ঝাসহ জিলা বিজেপিৰ নেতাসকল।

    আৰু পঢ়ক : চিকিৎসা পাঠ্যক্ৰমত অ’ বি চিৰ ২৭% আৰু ই ডব্লিউ এছৰ ১০% আসন সংৰক্ষণৰ ঘোষণা কেন্দ্ৰ চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং