লাইকা-দধিয়াৰ প্ৰতিটো ভূমিহীন পৰিয়াললৈ ১ লাখকৈ টকা ৰাজ্য চৰকাৰৰ
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকা-দধিয়াৰ ১৪৮৭টা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাকৈ সৰ্বমুঠ ১৪.৮৭ কোটি টকা ৰাজ্য চৰকাৰে ডিবিটিযোগে হস্তান্তৰ কৰিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৩০ জানুৱাৰীত মৰিগাঁও জিলাৰ নেলীত অনুষ্ঠিত অসম ট্ৰাইবেল সংঘৰ ৩৮ তম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত ঘোষণা কৰা অনুসৰি ৰাজ্য চৰকাৰে এই ধন ডিবিটিযোগে হস্তান্তৰ কৰে।
লাইকা-দধিয়াবাসীৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবেও অসম চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে।
ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱালে পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰত নতুন ভূমি চিনাক্ত কৰি সংস্থাপনৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ গঠন কৰা সমিতিয়ে কাম আৰম্ভ কৰিছে।
তদুপৰি মুখ্য সোণোৱালে পুনৰ সংস্থাপিত হ’বলগীয়া পৰিয়ালসমূহৰ বাবে প্ৰয়োজনীয় খোৱাপানী, বিদ্যুত, প্ৰাথমিক চিকিসা সেৱা আদি সামৰি এটা পুনৰ সংস্থাপন পেকেজ প্ৰস্তুত কৰিবলৈও ৰাজহ বিভাগক নিৰ্দেশ দিছে।
উল্লেখ্য যে পুনৰ সংস্থাপন কৰিবলগীয়া ভূখণ্ড যাতে বানপানী আৰু খহনীয়ামুক্ত হয় সেই দিশত নজৰ দিবলৈও সমিতিখনক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।
আৰু পঢ়ক : গেলুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা! শিলভৰ্তি ট্ৰেক্টৰৰ তলত সোমাল চালক