বৃদ্ধি পাব ব্ৰইলাৰ মুৰ্গীৰ দাম! এই দুখন ৰাজ্যৰ পৰা আমদানিত নিষেধাজ্ঞা

0
102
প্ৰতিনিধিত্বমূলক চিত্ৰ

বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব নোৱাৰিব ব্ৰয়লাৰ মুৰ্গী। বিহাৰ আৰু ঝাৰখণ্ডত দেখা দিয়া মাৰাত্মক এভিয়ান ইনফ্লুয়েঞ্জা সংক্ৰমণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা।

এই নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ সীমামূৰীয়া জিলা প্ৰশাসন সমূহলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই নিৰ্দেশনাৰ পিছত অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। কিয়নো অসমত ব্ৰইলাৰ মুৰ্গীৰ চাহিদা হিচাপত যোগান এতিয়াও সীমিত।

সেয়ে এই দুখন বহিঃৰাজ্যৰ পৰা দৈনিক অসমলৈ আমদানী হয় ব্যাপক হাৰত ব্ৰইলাৰ মুৰ্গী। কিন্তু এতিয়া নিশেধাজ্ঞা আৰোপ কৰাত ইয়াৰ দাম বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে।

ইফালে নিষেধাজ্ঞাৰ পাছতো ৰাজ্যলৈ ব্রয়লাৰ মুৰ্গী আমদানি হৈয়ে আছে বুলি জানিব পৰা গৈছে। আলিপুৰদুৱাৰেদি এতিয়াও অসমত ব্ৰয়লাৰ মুর্গী কঢ়িওৱা বাহন প্ৰৱেশ কৰি আছে বুলি অভিযোগ উঠিছে।

আনহাতে নিষেধাজ্ঞা কঠোৰ ৰূপত যাতে পালন হয় তাৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এছ অ’ পি প্ৰকাশ কৰিব বুলি আজি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।