দিল্লীত অসম চৰকাৰৰ কেবিনেট বৈঠক ! খেৰণিৰ আৰক্ষীৰ গোচৰটো চিবিআই লৈ হস্তান্তৰ

0
219

দিল্লীত অসম চৰকাৰৰ কেবিনেট বৈঠক ! খেৰণিৰ আৰক্ষীৰ গোচৰটো চিবিআই লৈ হস্তান্তৰ

দিল্লীৰ অসম হাউচত সম্পন্ন হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক । কেবিনেটত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। অসম-মেঘালয় সীমান্তত উতপ্ত পৰিস্থিতি সৃষ্টি হোৱাক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে “সীমান্তত এনে ধৰণৰ পৰিস্থিতি উদ্ভৱ হ’লে আৰক্ষীয়ে কিদৰে মোকাবিলা কৰিব তাৰ কাৰণে আৰক্ষী আৰু বন বিভাগৰ বাবে এখন SOP প্ৰস্তুত কৰিবৰ বাবে গৃহ বিভাগক নিৰ্দেশ জাৰি কৰা হৈছে।

খেৰণিৰ ঘটনাক লৈ কেবিনেটত দুখ প্ৰকাশ কৰা হৈছে। ন্যায়াধীশ ৰুমী ফুকনক ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। ৬০ টা দিনৰ ভিতৰত এই ঘটনাৰ সন্দৰ্ভত প্ৰতিবেদন দাখিব কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আৰক্ষীৰ গোচৰটো CBI লৈ হস্তান্তৰ কৰাৰো সিদ্ধান্ত লৈছে কেবিনেট বৈঠক খনত।

লগতে তেওঁ কয় যে সংৰক্ষিত বনাঞ্চলৰ পৰা ৫ কিঃমিঃ ব্যাসাৰ্ধৰ বাহিৰত বাণিজ্যিক গছ কাটিবলৈ হ’লে ৪৮ ঘণ্টাৰ ভিতৰত বন বিভাগে অনুমতি দিব লাগিব।কেবিনেটত ২০২৩ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাতো অনুমোদন জনোৱা হৈছে।

২০২৩ বৰ্ষত চৰকাৰী বন্ধ ৩৮ টা থাকিব। আনহাতে ৰাজ্যত নতুনকৈ ২ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপনতো কেবিনেটত অনুমোদন জনোৱা হয়।আনহাতে জুঙাল বলহুক পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত প্ৰস্তুত কৰিবলৈ ৫০ কোটি টকা খৰচ কৰিব অসম চৰকাৰে।