
অসম বিধানসভাৰ মজিয়াত বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি ৰাজ্যত কৰ্কট ৰোগৰ বিৰুদ্ধে চলি থকা যুদ্ধক আৰু অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে নতুনকৈ পুনৰ সাতখন কৰ্কট ৰোগৰ হস্পিটেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
টাটা ন্যাসৰ সৈতে ৰাজ্য চৰকাৰ হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লক্ষীমপুৰ আৰু দৰঙত নতুনকৈ সাতখন কৰ্কট ৰোগৰ হস্পিটেল স্থাপন কৰা হ’ব বুলি বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰি ২০২২-২৩ বৰ্ষৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য্য সম্পুৰ্ণ হ’ব বুলি কয়।
বৰ্তমান ৰাজ্যত ১০ খন কৰ্কট ৰোগৰ হস্পিটেলৰ নিৰ্মাণকাৰ্য্য চলি আছে।
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰবটিক অস্ত্ৰোপ্ৰচাৰ গোট স্থাপন কৰিবলৈয়ো চৰকাৰে প্ৰস্তাৱ লৈছে বুলি অজন্তা নেওগে বাজেট ভাষণত কয়।
আৰু পঢ়ক : অসম বাজেট ২০২২-২৩; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ বাজেটত কি কি বিশেষ ঘোষণা?