23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

    অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ আজি ১৮ এপ্ৰিলৰ সন্ধিয়া চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেখেতৰ মৃত্যুত ৰাজ্যবাসী ম্ৰিয়মান হৈ পৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ।

    এই সময়চোৱাত ৰাজ্যৰ সকলো কাৰ্যালতে জাতীয় পতাকা অৰ্ধনমিত হৈ থাকিব লগতে এই তিনিদিনত কোনো ধৰণৰ চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰা নহব। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হব।

    আনহাতে শেষকৃত্য সমাপন কাৰ্যসূচী অনুসৰি জানিব পৰা মতে , ৰুক্মিনী গাঁৱৰ বাসগৃহতে ৰখা হ’ব ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ। কাইলৈ পুৱা ১০ বজাত অসম সচিবালয়ৰ পৰা ৰাজীৱ ভৱন হৈ নলবাৰীলৈ নিয়া হ’ব নশ্বৰদেহ।

    নলবাৰীৰ ৰাজীৱ ভৱনৰ পৰা কৰ্মক্ষেত্ৰ বৰক্ষেত্ৰীলৈ লৈ যোৱা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ। নিজৰ বাসগৃহ কাপলাবড়ীলৈ নিয়া হ’ব নশ্বৰদেহ। তাৰ পিছতেই পিতৃ গৃহ বেলশৰত ৰখা হ’ব নশ্বৰদেহ।

    অহা মংগলবাৰে পুৱা ১০ বজাত হে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

    আৰু পঢ়ক : ৰাজ্যত কৰ’ণাৰ ত্ৰাস! বিলাসীপাৰাত গণ সংক্ৰমণৰ দিশে ক’ভিড মহামাৰী…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং