31 C
Guwahati
Monday, September 20, 2021
More

    পৰিস্থিতি অশান্ত : অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ অনুৰোধ ৰাজ্য চৰকাৰৰ

    অসম-মিজোৰাম সীমান্তত শেহতীয়াভাৱে সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অসমৰ নাগৰিকৰ বাবে মিজোৰাম ভ্ৰমণ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।

    অসম চৰকাৰৰ গৃহ বিভাগে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি অসমৰ নাগৰিকক পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত মিজোৰাম ভ্ৰমণ নকৰিবলৈ উপদেশ দিছে।

    ইয়াৰোপৰি বিভিন্ন কামৰ বাবে মিজোৰামত থকা অসমৰ নাগৰিক সকলক অধিক সতৰ্কতা অৱলম্বন কৰাৰ বাবে জাননী যোগে উপদেশ দিয়া হৈছে।

    উল্লেখযোগ্য যে, ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষীৰ গুলিচালনাত ৬ গৰাকীকৈ অসম আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ পাছতে অসম আৰু মিজোৰাম সীমান্ত অঞ্চল বিশেষকৈ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকাণ্ডিত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।

    এই ঘটনাৰ পাছত বহু মিজো সংগঠন, ছাত্ৰ সংগঠনে অসমৰ জনসাধাৰণৰ প্ৰতি বিদ্বেষমূলক মন্তব্য প্ৰকাশ কৰি থকা পৰলক্ষিত হৈছে বুলিও গৃহ বিভাগে আজি জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং