26 C
Guwahati
Friday, September 24, 2021
More

    ৫ বছৰৰ পূৰ্বে নিৰুদ্দেশ হোৱা শিশু বিচাৰি পালে সুদুৰ জম্মুত,ইমানদিনে ক’ত আছিল জানিলে হ’ব আচৰিত…

    পাঁচ বছৰ পূৰ্বে জম্মুত নিৰুদ্দেশ হোৱা বঙাইগাঁৱৰ শিশু এটি উদ্ধাৰ। জলন্ধৰৰ গান্ধী- বনিতা আশ্ৰমত উদ্ধাৰ হৈছে কন্যা শিশু গৰাকী।

    বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীয়ে জানিব দিয়া মতে পাঁচ বছৰ পূৰ্বে জিলাখনৰ যোগীঘোপাৰ বালাপাৰাৰ দুখু সেখ আৰু চাহেৰা খাতুনৰ ৯ বছৰীয়া কন্যা এগৰাকী জম্মুত সম্পৰ্কীয় লোক এজনৰ ঘৰত আলহী খাব গৈ নিৰুদ্দেশ হৈ পৰে।

    পিচত এই নিৰুদিষ্ট শিশু গৰাকী ৰেলত উদ্ধাৰ হৈছিল আৰু ৰেল আৰক্ষীয়ে শিশু গৰাকীক উদ্ধাৰ কৰি জলন্ধৰৰ শিশু সুৰক্ষা বিভাগত গতাই দিয়ে।

    তাৰ পিচত দীৰ্ঘ পাঁচ বছৰে শিশু গৰাকী জলন্ধৰৰ গান্ধী- বনিতা শিশু গৃহত আছিল আৰু তাতেই পঢ়া শুনা অব্যাহত ৰাখিছিল।

    ইফালে শিশু গৰাকীৰ পৰিয়াল আৰু বঙাইগাঁৱৰ শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীৰ তৎপৰতাত শিশু গৰাকীৰ তথ্য পোহৰলৈ আহে আৰু বিভাগীয় নীতি নিয়মৰ মাজেৰে শিশু গৰাকীক বিভাগীয় কৰ্তৃপক্ষক গতাই দিয়ে গান্ধী বনিতা শিশু গৃহই।

    আনহাতে আজি বঙাইগাঁওস্থিত শিশু সুৰক্ষা বিষয়াই শিশু গৰাকীক পৰিয়ালৰ হাতত চমজাই দিয়ে। দীৰ্ঘদিনৰ পিছত শিশু গৰাকী উদ্ধাৰ হোৱাত যোগীঘোপা এলেকাত আনন্দৰ সৃষ্টি হৈছে.। সম্প্ৰতি শিশু গৰাকীৰ এতিয়া ১৫ বছৰীয়া কিশোৰী।

    ইনপুট: উত্তম কুমাৰ বৰ্মন

    আৰু পঢ়ক : খেলপথাৰতে মুখত টাৱেল লৈ কান্দোনত ভাগি পৰিল জকোভিছ, তিনিবাৰ ভাঙিলে ৰেকেট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং