ৰাজ্যত বানৰ কালৰূপ, ১৩ লাখৰো অধিক লোক বানৰ কবলত

0
608

অসমৰ আয়ুখৰেখা ব্ৰহ্মপুত্ৰ এতিয়া হৈ পৰিছে প্ৰাণ সংহাৰী। বছৰৰ দ্বিতীয়টো বানত ককবকাইছে অসমৰ জনসাধাৰণ। প্ৰতিবছৰৰ দৰে এইবেলিও লাখ লাখ মানুহে জীয়াতু ভুগিছে এই বানৰ বাবে।

ৰাজ্যৰ ১৩ লাখৰো অধিক লোক এতিয়া এই বানৰ কবলত। লগতে এই বানেই কাঢ়ি নিছে ৪৪ গৰাকী লোকৰ প্ৰাণ। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনাইছে এই তথ্য।

ধেমাজিৰ পৰা ধুবুৰীলৈ এতিয়া বহু হাজাৰ হাজাৰ গাওঁ পানীৰ তলত।

আশ্ৰয়হীন লোকে আশ্ৰয় লৈছে ওখ ঠাই বা মথাউৰীত।

বহু পশুধনৰো মৃত্যু। উটি গৈছে বানৰ কোৱাল সোতত। নষ্ট হৈছে বহু খেতি পথাৰ।

কেইবা ঠাইত ভাঙিছে মথাউৰী। কেৱল গাওঁ সমূহে নহয়, বহু ঠাইত ৰাজপথ বোৰো বৰ্তমানে পানীৰ তলত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো ৯৫ শতাংশ অঞ্চল বৰ্তমানে পানীৰ তলত। বানৰ ফলত মৃত্যু হৈছে ৫১ টা কৈ বন্য জীৱ। লগতে উদ্ধাৰ কৰা হৈছে ১০২ টা জীৱ।

প্ৰায় জীৱই এতিয়া প্ৰাণৰ মায়াত ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ বুলি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কিছু অংশৰ ওপৰেৰে বৈছে পানীৰ সোঁত।

Photo Credit: @muksidulhoque