23.5 C
Guwahati
Wednesday, October 20, 2021
More

    ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি, দুগৰাকী লোকৰ মৃত্যু

    ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি, দুগৰাকী লোকৰ মৃত্যু

    সোমবাৰে অসমৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে।

    সোমবাৰৰ দিনটোত ৰাজ্যত বানপানীৰ ফলত দুগৰাকী লোকৰ মৃত্যু হয়।

    বৰ্তমানলৈ অসমৰ ১৭ খন জিলাৰ ৩.৬৩ লাখতকৈ অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি বৰপেটা জিলাৰ চেঙা আৰু মৰিগাঁৱৰ মায়ঙত দুগৰাকী শিশুৰ বানপানীৰ ফলত সলিল সমাধি ঘটে।

    বৰপেটা, বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা আৰু তিনিচুকীয়া জিলাৰ মুঠ ৩,৬৩,১০০ গৰাকী লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

    লখিমপুৰ জিলাত সৰ্বাধিক ১.৩ লাখ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

    লখিমপুৰ জিলাৰ পাছতে মাজুলী জিলাত ৬৫,০০০ আৰু দৰং জিলাত ৪১,৩০০ গৰাকী লোক বানপানীৰ কবলত পৰিছে।

    আনহাতে, অসমৰ ৯৫০ খন গাঁও পানীৰ তলত আছে আৰু ৩০,৩৩৩.৩৬ হেক্টৰ কৃষিভূমি বানপানীত ক্ষতিগ্ৰস্ত হৈছে।

    অসমৰ ১০ খন জিলাত মুঠ ৪৪ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে।

    আৰু পঢ়ক : জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন আঁচনি মুকলি গুৱাহাটী গেট হস্পিটেলৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং