অসমৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল এতিয়াও বানপানীত ডুবি আছে।
এতিয়ালৈকে ৩২ খন জিলাৰ ৫৫ লাখ লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হয়।
তথ্যত কোৱা হয় যে মে’ মাহৰ মাজভাগৰ পৰা এতিয়ালৈকে দুটা পৰ্যায়ত হোৱা বানপানীৰ ফলত ১০০ জন লোকে প্ৰাণ হেৰুৱাইছে।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বুধবাৰে ৰেইলযোগে নগাঁওলৈ গৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয়। তেওঁ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সুবিধা অসুবিধাৰ বুজ লয়।
বিষয়াসকলৰ মতে, অসমৰ ৩৬ খন জিলাৰ ভিতৰত ৩২ খন জিলাৰ ৫৫,৪২,০৫৩ জন লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাৰ ভিতৰত বান সংক্ৰান্তীয় ঘটনাত আৰু ১২ জন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি পাইছে।