পথৰ ওপৰত পানী, খোজ কাঢ়ি গৈ থাকোতেই বানৰ পানীয়ে উটুৱাই নিলে ভূপেনক…

0
1433

পথৰ ওপৰত পানী, খোজ কাঢ়ি গৈ থাকোতেই বানৰ পানীয়ে উটুৱাই নিলে ভূপেনক…তিনি বন্ধুৱে খোজ কাঢ়ি গৈ থাকোতেই এই অঘটন সংঘটিত হয়।

মৰিগাঁও বাৰপূজীয়া বোকাবিলত এই সংঘটিত হৈছে। বাঢ়নি পানীত উটি যায় তিনি কিশোৰ। কিন্তু তাৰেই দুজন কিশোৰৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

পাছে এজন সন্ধানহীন। সন্ধানহীন কিশোৰটিৰ নাম ভূপেন বৰদলৈ (১৭)।

জানিব পৰা মতে বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমনি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ আছিল।

কিন্তু খোজ কাঢ়ি গৈ থাকোতেই হঠাৎ পিচল খাই পানীৰ সোঁতত উটি যায়। সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমনি ৰক্ষা পৰে যদিও সন্ধানহীন হৈ পৰে ভূপেন।

পিচত SDRF বাহিনীক খবৰ কৰা হয় ঘটনা সন্দৰ্ভত। লগে এছ ডি আৰ এফৰ দল উপস্থিত হৈ ভূপেনৰ সন্ধানত অভিযান চলাই যদিও অদ্যপি ভূপেনৰ কোনো সন্ধান ওলোৱা নাই।

Input and Photo – Kishor Dekaraja