বান বিভীষিকা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ এলেকা জলমগ্ন; মুঠ ২৯টা খটীয়া পহুৰ মৃত্যু

0
1865

সমগ্ৰ ৰাজ্যতে এতিয়া বানে কন্দুৱাইছে ৰাজ্যবাসীক। উজনি-নামনি সকলোতে এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি। বানত ডুব গৈছে হাজাৰ হাজাৰ লোক। ক্ষয়-ক্ষতি হৈছে বানাক্ৰান্ত লোকৰ।

ইফালে কাজিৰঙাতো অপৰিৱৰ্তিত বান পৰিস্থিতি। বানত বিপদাপন্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল। ৩৭ নং ৰাষ্ট্ৰীয় পথত বৰ্তমানলৈকে মৃত্যু হৈছে ৩৩টা বন্যজন্তুৰ।

আটাইতকৈ অধিক খটীয়া পহুৰ মৃত্যু হৈছে কৃত্ৰিম বানত। মুঠ ২৯টা খটীয়া পহুৰ মৃত্যু হৈছে বানত।

ইয়াৰে পানীত ডুবি ২টা, বাহনৰ খুন্দাত ৮টা, চিকিত্সাধীন অৱস্থাত ৯টা আৰু অন্যান্য কাৰণত ১০টা খটীয়া পহুৰ মৃত্যু হৈছে।

ব্ৰহ্মপুত্ৰৰ বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি কিছু শাম কাটিলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৭০ শতাংশ এলেকা এতিয়াও জলমগ্ন।

বন্য জন্তু ৪১টা উদ্ধাৰ কৰা হৈছে আৰু মৃত্যু হৈছে ৩৩টাৰ। মুঠ ৩৫টা খটীয়া পহু উদ্ধাৰ কৰা হৈছে।

অজগৰ উদ্ধাৰ হৈছে ৩ডাল। বাঘ উদ্ধাৰ কৰা হৈছে এটা। কাছ উদ্ধাৰ হৈছে এটা আৰু গঁড উদ্ধাৰ কৰা হৈছে এটা।

আনহাতে কাজিৰঙাৰ বানত বৰ্তমানলৈকে স্বভাৱিকভাৱে মৃত্যু হৈছে এটা গঁড়ৰ।

পানীত ডুবি মৃত্যু হৈছে ২টা বন গাহৰিৰ। পানীত ডুবি মৃত্যু হৈছে এটা দল হৰিণৰ।

মুঠ পানীত ডুবি বন্য জন্তুৰ মৃত্যু হৈছে ৫টা, বাহনৰ খুন্দাত ৮টা, চিকিত্সাধীন অৱস্থাত ৯টা, স্বাভাৱিকভাৱে এটা আৰু অন্যান্য কাৰণত ১০টা বন্য জন্তুৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ হাইলেণ্ড সমূহত এতিয়াও আশ্ৰয় লৈ আছে বহু বন্য জন্তু ৷

ইয়াৰে ভিতৰত বানত ডুবু ডুবু অৱস্থা হোৱা একাংশ সৰু হাইলেণ্ডত থিতাপি লৈ জীৱন ৰক্ষাৰ চেষ্টা বন্য জন্তুৰ।

তাৰ মাজতেই ভোকাতুৰ বন্যপ্ৰাণীৰ চলিছে খাদ্যৰ সন্ধান৷ ৰাষ্ট্ৰীয় পথৰ কাষত বিচৰণ কৰা গঁড়ৰ সুৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছে বনকৰ্মীয়ে।

বানৰ মাজতো ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত বনকৰ্মীসকলৰ বাবে মটৰ বটেৰে ৰেচন পাতি যোগানৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। মুঠ আশ্ৰয় শিবিৰ আছে ২২৩টা।

ইয়াৰে আগৰতলীত ৩৬টা, কাজিৰঙাত ৪৯টা, বাগৰিত ৩৮টা, বুঢ়াপাহাৰত ২৫টা, বোকাখাতত ৭টা, বিশ্বনাথ ৱাইল্ড ডিভিজনত ৩০টা আৰু নগাঁৱত ৩৮টা।

Photo: Kishan Chetri