28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন, ২ মে’ত ভোট গণনা

    মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন, ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে

    আজি ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ উপস্থিতিত সংবাদমেল অনুষ্ঠিত হয়।

    অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

    ২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

    ১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

    ৬ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

    এই সংবাদমেলত অসম, পশ্চিম বংগ, তামিলনাডু, পুডুচেৰী, আৰু কেৰালাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।

    উল্লেখ্য যে, অসমত১২৬, পশ্চিম বংগত ২৯৪ , কেৰালাত ১৪০, তামিলনাডুত ২৩৪ আৰু পুডুচেৰীত ৪০ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

    অসমত প্ৰায় ৩৪ হাজাৰ ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

    ৮০ ৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৰোগাক্ৰান্ত লোকসকলে পোষ্টেল বেলটেৰে দিব পাৰিব ভোট।

    মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থীৰ লগত মাত্ৰ ২জন লোক যাব পাৰিব।

    মনোনয়ন দিবলৈ কেৱল ২খন বাহনৰহে অনুমতি । তদুপৰি মনোনয়ন দাখিলৰ বাবে থাকিব অনলাইন সুবিধা।

    কেৱল ৫ জনেহে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ অনুমতি।

    সকলো নিৰ্বাচনী বিষয়াক কৰা হ’ব কৰ’ণাৰ টিকাকৰণ।

    প্ৰতিটো স্পৰ্শকাতৰ পুলিং বুথট মোতায়ন কৰা হ’ব CRPF।

    অতি স্পৰ্শকাতৰ পুলিং বুথত ভিডিঅ’গ্ৰাফী।

    আৰু পঢ়ক : শিৱসাগৰ মন্ত্ৰী হিমন্ত বিশ্ব! আত্মসহায়ক গোটৰ মহিলাক দিয়া ঋণ ঘূৰাই দিব নালাগে বেংকক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং