25.3 C
Guwahati
Friday, October 15, 2021
More

    ৰাজ্যৰ শেহতীয়া হাফপেণ্ট বিতৰ্ক সন্দৰ্ভত কি ক’লে শিক্ষা মন্ত্ৰীয়ে?

    ৰাজ্যত বিগত কেইদিন ধৰি চলি থকা হাফপেণ্ট বিতৰ্ক সম্পৰ্কত এইবাৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

    সাংবাদিকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাত এগৰাকী ছোৱালীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱাৰ পাছত সৃষ্টি হোৱা বিতৰ্ক সম্বন্ধে শিক্ষা মন্ত্ৰীক প্ৰশ্ন কৰাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘটনা সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন প্ৰকাশ হোৱালৈ অপেক্ষা কৰিব লাগিব বুলি কয়।

    ইতিমধ্যে শিক্ষা মন্ত্ৰী গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে ঘটনা সন্দৰ্ভত আলোচনা কৰিছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সোমবাৰে এখন প্ৰতিবেদন প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

    উক্ত প্ৰতিবেদন প্ৰকাশৰ পাছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু তেতিয়ালৈ অপেক্ষা কৰিব লাগিব বুলি পেগুৱে লগতে কয়।

    “সেই পৰীক্ষাটো অনুষ্ঠিত হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে মই কথা পাতিছো আৰু তেওঁ সোমবাৰে ঘটনা সন্দৰ্ভত এখন প্ৰতিবেদন দিব বুলি জনাইছে তেতিয়ালৈ আমি অপেক্ষা কৰিম,” শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এইদৰে কয়।

    আৰু পঢ়ক : ব্ৰেইন টিউমাৰত আক্ৰান্ত কিশোৰীৰ মনৰ আশা পুৰণ, এদিনৰ বাবে হ’ল উপায়ুক্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং