29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ অসমীয়া যুৱকৰ ওপৰত অত্যাচাৰঃ খাচি দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ গ’ল অসমৰ গাড়ী চালকৰ

    মেঘালয়ৰ ক্লেৰিয়াটত অসমৰ চালকক হত্যা ৷ পুনৰ খাচি দুষ্কৃতিকাৰীৰ দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল দিলোৱাৰ হুছেইন নামৰ কাছাৰ জিলাৰ কালাইন নাতানপুৰৰ এজন যুৱকৰ ৷

    যুৱকজনৰ পৰিয়ালৰ লোক সকলে জনোৱা মতে, দেওবাৰে মেঘালয় ক্লেৰিয়াটলৈ দিলোৱাৰে গাড়ী লৈ যোৱাৰ সময়ত এদল খাচি দুষ্কৃতিয়ে দিলোৱাৰৰ গাড়ী ৰখাই দুৰ্ব্যৱহাৰ কৰে আৰু দিলোৱাৰে ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে তেওঁৰ ওপৰত প্ৰচণ্ড মাৰপিট আৰম্ভ কৰে খাচি দুষ্কৃতিকাৰীৰ দলটোৱে ৷

    ভাগ্যক্ৰমে, সহচালক ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয় যদিও চালক দিলোৱাৰ খাচি দুষ্কৃতিকাৰী দলটোৰ হাতৰ পৰা ৰক্ষা নাপালে চালক দিলৱাৰ ৷ ঘটনাৰ পিচদিনা মেঘালয় আৰক্ষী দিলোৱাৰক গুৰুতৰভাৱে আহত অৱস্থাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি লৈ যায় ৷

    ঘটনাৰ খবৰ পায় সোমবাৰে দিলোৱাৰৰ পৰিয়ালৰ লোকসকল ক্লেৰিয়াটতলৈ যায় যদিও তেওঁলোকক দিলোৱাৰক লগ কৰিবলৈ নিদিয়ে মেঘালয় আৰক্ষীয়ে৷ মেঘালয় আৰক্ষীৰ ফালৰ পৰা কোৱা হয় যে দিলোৱাৰক জোয়াই জেললৈ যোৱা হৈছে ৷ কিন্তু মঙ্গলবাৰে ৰাতিপুৱা মেঘালয় আৰক্ষীয়ে দিলোয়াৰৰ জেলতে মৃত্যু হোৱা বুলি খবৰ দিয়ে।

    ইয়াৰ পাছতে পৰিয়ালৰ লোকসকলে মানি ল’ব পৰা নাই এই কথাত ৷ লগতে  দিলোৱাৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ লৈ লোৱাৰ লগতে দাবী জনোৱাৰ লগতে ঘটনাৰ উচিত তদন্ত দাবী জনাইছে দিলোৱাৰৰ পৰিয়ালৰ লোকসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং