18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী চাউনীত মুকলি কৰিলে আধুনিকীকৰণৰ বহু সুবিধা

    আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী চাউনীত মুকলি কৰিলে আধুনিকীকৰণৰ বহু সুবিধা। বৰপেটাৰ আৰক্ষী চাউনীত মুকলি কৰিলে নতুনকৈ নিৰ্মাণ কৰা এটা ক্ৰীড়া প্ৰকল্প, স্প’ৰ্টছ কমপ্লেক্স, শৰীৰ চৰ্চা গৃহ, চিএছপি কেন্দ্ৰ ৷

    অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শৰীৰ চৰ্চা গৃহটোৰ জৰিয়তে আৰক্ষীত কৰ্মৰত জোৱান সকলৰ লগতে তেওলোকৰ ল’ৰা-ছোৱালীসকলো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ৷ আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে আৰক্ষীৰ বাবে এখন চি এছ পি কেণ্টিন আৰু বিশুদ্ধ খোৱাপানীৰ ফিল্টাৰ হাউচ এটিও মুকলি কৰে ।

    মুকলি অনুষ্ঠানত উপস্থিত থাকে পশ্চিম মণ্ডলৰ উপ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী, বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে বৰপেটা আৰু বজালীৰ আৰক্ষী অধীক্ষক ডাঃ ৰবিন কুমাৰ আৰু ধৰ্মেন্দ্ৰ কুমাৰ দাস ।

    ইপিনে আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰসংগত ৰাইজৰ সুবিধাৰ বাবে বৰপেটাতো ১২২ টোল ফ্ৰী নম্বৰ উপলব্ধ কৰা, বৰপেটা চহৰখনক চাৰিটা ভাগত ভাগ কৰি যি কোনো ঘটনাৰ ক্ষেত্ৰত আৰক্ষী তাৎক্ষনিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু আৰক্ষীৰ মটৰ চাইকেলত জিপিএছ সংযোজন কৰি আৰক্ষীৰ কাম কাজ নিৰীক্ষণ কৰাৰ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

    আৰু পঢ়ক : “কৰ’ণা টীকাকৰণৰ কাম সমাপ্ত কৰাৰ পাছতেই দেশজুৰি বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা” পিনাৰায়ী বিজয়ন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published