
শনিবাৰে ছত্তীশগড়ৰ বিৰজাপুৰ জিলাত সংঘটিত মাওবাদী আক্ৰমণত শ্বহীদ হৈছে অসমৰ বীৰ সন্তান বাবলু ৰাভা।
কেন্দ্ৰীয় সংৰক্ষিত সুৰক্ষা বাহিনী (CRPF)ৰ ২১০ নং কোব্ৰা বেটেলিয়নৰ জোৱান বাবলু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী দামৰা পাটপাৰাত।
উল্লেখ্য যে শনিবাৰে বিৰজাপুৰ আৰু চুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ ঘন জংঘলত ঘাটি পতা মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নিৰাপত্তা বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল মাওবাদীয়ে।
দুপৰীয়া প্ৰায় ২ বজাৰ পৰা চলা উক্ত আক্ৰমণত সন্ধিয়ালৈকে অসমৰ বাবলু ৰাভাসহ আন চাৰিজন জোৱান শ্বহীদ হোৱাৰ উপৰি কমেও ৩০ জন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছিল।
এই আক্ৰমণৰ এদিন পিছত অৰ্থাত আজি পুৱা আশংকা ব্যক্ত কৰা হৈছে যে শ্বহীদ জোৱানৰ সংখ্যা বৃদ্ধি পাব পাৰে। এতিয়ালৈকে ৮ গৰাকী জোৱান শ্বহীদ হোৱাৰ উপৰি ২১ গৰাকী জোৱান নিখোজ হৈ আছে।
উল্লেখ্য যে ৯ বছৰ পূৰ্বে চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নত যোগদান কৰা বাবলু ৰাভাই মৃত্যুৰ সময়ত পত্নী আৰু ৭ বছৰীয়া কন্যা সন্তানক এৰি থৈ যায়।
বাবলু ৰাভাৰ শ্বহীদীবৰণৰ খবৰে দুধনৈৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
বীৰ শ্বহীদজনৰ নশ্বৰ দেহ আজি নিশালৈকে নিজা বাসগৃহ আহি পাব বুলি জানিব পৰা গৈছে।
ইফালে বাবলু ৰাভাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আজি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰি বীৰ শ্বহীদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে বাবলু ৰাভাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
আৰু পঢ়ক : এইখন দেশত এতিয়াৰ পৰা বিদ্যালয়ত শিক্ষকে ছাত্ৰীৰ অন্তৰ্বাসৰ ৰং পৰীক্ষা কৰিব নোৱাৰিব….