28 C
Guwahati
Saturday, September 18, 2021
More

    সাৱধান, অসমত পুনৰ দুজনৰ দেহত ধৰা পৰিছে কভিড-১৯ ভাইৰাছ

    সাৱধান, অসমত পুনৰ দুজনৰ দেহত ধৰা পৰিছে কভিড-১৯ ভাইৰাছ। নগাঁও জিলাৰ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা পৰীক্ষাত লোক দুজনৰ দেহত ধৰা পৰে ক’ভিড-১৯ৰ অৱস্থিতি।

    পুৰণিগুদাম মাজগাঁৱৰ একে পৰিয়ালৰ লোক দুয়োজন। পিছে আক্ৰান্ত দুয়োজনৰে এজনৰো কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই। বৰ্তমানে দুয়োজন লোকৰে এসপ্তাহৰ বাবে হ’ম কোৱাৰেণ্টইনৰ ব্যৱস্থা কৰিলে স্বাস্থ্য বিভাগে।

    পিছে ইয়াৰ বিপৰীতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় এক সংবাদ মাধ্যক দিয়া মন্তব্য অনুসৰি ৰাজ্যত কোনো ধৰণৰ কৰণা ভাইৰাছ নাই। মাস্ক পিন্ধি অযথা মানুহ বোৰত ভয় খুওৱাটো অনুচিত। কিন্তু ইয়াৰ বিপৰীত দৃশ্য সদাইয়ে দেখিবলৈ পোৱা গৈ আছে।

    প্ৰতিদিনেই কৰণাত আক্ৰান্ত হৈ আছে লোক। চৰকাৰী তথ্য মতে অসমত ৪ এপ্ৰিল পৰ্যন্ত সক্ৰিয় ক’ভিড ৰোগী ৬৯ গৰাকী। ৬৯জনৰ ভিতৰত ৪৬গৰাকী মৰূপ মহানগৰৰ। আনহাতে কামৰূপ গ্ৰাম্যত ৮ জন।

    ৬ জন তিনিচুকীয়াৰ, ৩ জন কাছাড়ৰ, দুজন চৰাইদেউৰ। ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও আৰু শোনিতপুৰত এজনকৈ ক’ভিড ৰোগী।

    Input- Batssam Nz Hoque

    আৰু পঢ়ক : প্ৰতিবাৰেই পৰাজিত! ৰাষ্ট্ৰপতি পদৰ পৰা পঞ্চায়ত নিৰ্বাচনলৈ, এইবাৰ ৯৩ সংখ্যক নিৰ্বাচন খেলাৰ বাবে সাজু ৭২ বৰ্ষীয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং