ৰাজ্যলৈ সুখবৰ; ১৮লৈ বৃদ্ধি হ’ল অসমৰ কৰ’ণা আৰোগ্যৰ সংখ্যা

কৰ'ণা টেষ্টৰ দুটাকৈ ফলাফল নিগেটিভ অহাৰ পিছতে লোকজনক হাস্পতালৰ পৰা যাবলৈ দিয়াৰ সিদ্ধান্ত লোৱা হয়

0
29

অসম বাসীৰ বাবে সুখবৰ। দ্বিতীয় পৰ্যায়ৰ লকডাইন সমাপ্তৰ দিশে যিমানে আগবাঢ়িছে দেশ সিমানে দ্ৰুতগতিত সুস্থতাৰ দিশে আগবাঢ়িছে অসমৰ কৰ’ণা ৰোগী সকল। অসমত এইপৰ্যন্ত ১৮জন কৰ’ণা ভাইৰাছত আক্ৰান্ত লোক সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে। মুঠ ৩৪ জনৰ এতিয়া ১৮ জনেই সুস্থ।

সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কৰ’ণাৰ পৰা সুস্থ হোৱা ১৮ সংখ্যাক হজৰত আলী নামৰ লোকজনক। আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাণ্টৰ জৰিয়তে সদৰি কৰে এই কথা।

কৰ’ণা টেষ্টৰ দুটাকৈ ফলাফল নিগেটিভ অহাৰ পিছতে লোকজনক হাস্পতালৰ পৰা যাবলৈ দিয়াৰ সিদ্ধান্ত লোৱা হয়। আনহাতে বৰ্তমানে অসমত এজন মৃত্যুমুখত পৰাৰ লগতে ১৫ গৰাকী কৰ’ণাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Photo Credit: @himantabiswa