গুলীৰ শব্দত পুনৰ কঁপি উঠিল ৰাজ্য; সতীৰ্থৰ ডিঙিত তিনিবাৰকৈ গুলীচালনা আৰক্ষী জোৱানৰ

0
4276

ৰাজ্য পুনৰ কঁপি উঠিল গুলীৰ শব্দত; সতীৰ্থৰ ডিঙিত তিনিবাৰকৈ গুলীচালনা আৰক্ষীৰ জোৱানৰ। ৰাজ্যত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মঙলবাৰে সোণাৰিত আৰক্ষীয়ে নিজৰ চাৰ্ভিচ গান ব্যৱহাৰ কৰি সহকৰ্মীক গুলীয়াই হত্যা কৰে।

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, সোণাৰি সদৰ আৰক্ষী থানাত সংঘটিত হোৱা এই ভয়াবহ ঘটনাটিত অভিযুক্তই সহকৰ্মীজনৰ ডিঙিত তিনিবাৰকৈ গুলীচালনা কৰে আৰু যাৰ ফলত থিতাতে নিহত হয় গকুল বসুমতাৰী।

আনহাতে এই ঘটনা সংঘটিত কৰাৰ পাছতে দীপক কাকতি নামৰ অভিযুক্ত আৰক্ষী জোৱানজনে আত্মসমৰ্পণ কৰিছে। চৰাইদেউ, যুৱৰাজৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি আৰক্ষী কনিষ্টবল দিপক কাকতিয়ে তেওঁৰ চাৰ্ভিচ ৰাইফল ব্যৱহাৰ কৰি সহকৰ্মী গকুল বসুমতাৰীক গুলীয়াই হত্যা কৰে

ইফালে এই গুলীচালনাৰ ঘটনায়ে এতিয়া সমগ্ৰ সোণাৰিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোণাৰিত আৰক্ষী জোৱানজনৰ হঠাৎ এই কাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বিষয়টোৰ ওপৰত তদন্ত চলি আছে।