33 C
Guwahati
Thursday, August 4, 2022
More

    দেশৰ সকলো পাঠ্যক্ৰমতে লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী সকলক পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ

    দেশৰ সকলো পাঠ্যক্ৰমতে লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী সকলক পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ

    মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা কেৱল অসমতেই সীমাবদ্ধ নাৰাখি দেশৰ প্ৰান্তে প্ৰান্তে ইয়াক সকলোৱে জানিব লাগে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে পত্ৰ।

    দেশৰ সকলো বিদ্যালয়ৰে পাঠ্যক্ৰমত অসমৰ বীৰ যোদ্ধাগৰাকীৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাট যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে বৰফুকনে যিদৰে যুঁজ দিছিল, তাকো নৰীয়া দেহাৰেই , কেৱল সিমানেই নহ, দেশৰ বাবে নিজৰ মোমায়েককো কাটি দুচেও কৰা সেই হেন বীৰ যোদ্ধা হয়তো দেশত আন এগৰাকী নোলাব।

    এইবাৰ চলিত বৰ্ষ ২০২২ চন হৈছে সেই বীৰগৰাকীৰ ৪০০ তম জন্মজয়ন্তী বৰ্ষ। সেই হেন এগৰাকী বীৰ যোদ্ধাৰ বৰ্ণিল ইতিহাস কেৱল অসমৰ চাৰিসীমাৰ মাজত যাতে সীমাবন্ধ হৈ নাথাকে তাৰ বাবে দেশৰ সকলো পাঠ্যক্ৰমতেই ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    মুখ্য়মন্ত্ৰীয়ে ৰাজ্যৰ অন্য মুখ্যমন্ত্ৰী সকললৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা অনুসৰি, লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু জন্মভুমিৰ প্ৰতি থকা মনোভাৱ আৰু ত্যাগ আজিৰ নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। কিন্তু দেশৰ অন্য় ছাত্ৰ-ছাত্ৰী সকলে বৰ বিশেষ ভাৱ জ্ঞাত নহয় এইগৰাকী যোদ্ধাৰ বিষয়ে।

    সেয়ে তেখেতৰ এই ৪০০ তম জন্মজয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পৰাকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যত লাচিত বৰফুকনৰ বিষয়ে বিতংভাৱে অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং