
চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতখন ফাদিল হোৱাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত আজি বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মেট্ৰিকৰ প্ৰশ্নকাকতখন ফাদিল হোৱাটো চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিচাপে শৰ্মাই এই ব্যৰ্থতা তেওঁ স্বীকাৰ কৰা বুলি কয়।
পৰীক্ষাৰ্থী, শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজ অধিক উদ্বিগ্ন হৈ থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ছেবাক ভৱিষ্যত দিনত আৰু অধিক সক্ৰিয় কৰি এইধৰণে যাতে কেতিয়াও প্ৰশ্নকাকত ফাদিল হ’ব নোৱাৰে তাৰ শক্তিশালী ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিম’।
ছাত্ৰ-ছাত্ৰীসকলক নতুন উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সুৰক্ষা চৰকাৰে দায়িত্ব সহকাৰে ল’ব বুলিও মন্তব্য কৰে।
সদনৰ মজিয়াত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰশ্নকাকত ফাদিল কৰা ঘটনাটোত অসমৰ এখন বিদ্যালয়ৰ চেণ্টাৰ ইনচাৰ্জ আৰু তিনি-চাৰিজন শিক্ষক জড়িত আছে বুলি অতি দুখ আৰু আক্ষেপেৰে কয়।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৪৮ ঘণ্টাৰ ভিতৰতে ঘটনাটো পোহৰলৈ অনা অসম আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰি এই ঘটনাৰ লগত জড়িত আটাই কেইজন অভিযুক্তকে চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।
নিৰ্দিষ্ট কেইজনমান শিক্ষকৰ এনে নিকৃষ্ট কাণ্ডৰ বাবে ছেবা আৰু শিক্ষামন্ত্ৰীক দোষাৰোপ কৰাটোও উচিত নহয় বুলি পাকেপ্ৰকাৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্তত যাতে কোনো ব্যাঘাট নজন্মে তাৰ বাবেই মুখ্যমন্ত্ৰী শৰ্মাই বিগত ৪৮ ঘণ্টা নীৰৱে আছিল বুলিও কয় সদনৰ মজিয়াত।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাত এতিয়ালৈকে এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন তিনিজন মূল দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। অৱশ্যে তদন্তৰ খাতিৰত তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী শৰ্মা।
বুধবাৰলৈকে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ১২ জন ছাত্ৰ-ছাত্ৰী আৰু চাৰিজন চৰকাৰী কৰ্মচাৰীকে ধৰি ২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ বৰ্তমানো উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। এই পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ ৩০ মাৰ্চ ধাৰ্য কৰা হৈছে।