
দিল্লী বিধানসভা নিৰ্বাচন সমাগত। অহা ৮ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব নিৰ্বাচন। তাকে লৈ এতিয়া ৰাজনীতিৰ পথাৰত ৰাজনৈতিক নেতাসকলৰ মাজত লাগিছে উথপথপ। কেজৰিৱাল, মোদীৰ লগতে পিছ পৰি ৰোৱা নাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। সেই লৈয়ে আজি পুৱা ১০ বজাৰ পৰা অনুস্থিত হোৱা পদযাত্ৰাত অংশ লয় সোণোৱালে।

শাসনত থকা আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল, ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ মাজৰ এই ৰণলৈ মাজত মাথো ৪টা দিন বাকি আছে। তেনে অৱস্থাত এতিয়া সকলো ব্যস্ত শেষমূহুৰ্তৰ নিৰ্বাচনী প্ৰচাৰক লৈ। কোনো এটা দলেও একো বাকি ৰাখিব বিচৰা নাই দিল্লীৰ শাসনভাৰ নিজৰ দখললৈ নিবলৈ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিজেপি পাৰ্থী শ্ৰী জিতেন্দৰ মহাজনৰ আজিৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে যি পদযাত্ৰাৰ আৰম্ভণি হয় দিল্লীৰ ৰোহতাশ নগৰত। সোণোৱালৰ বাহিৰেও দিল্লীৰ এই বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল’ব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং।
Photo: @dikshitsharma