
শুকুৰবাৰে পুৱা ৯.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। খাৰঘূলিৰ মুখ্যমন্ত্ৰীৰ আৱাসগৃহত আয়োজন কৰে এই সংবাদমেলৰ।
সংবাদমেলখনৰ আৰম্ভণিতে অসমৰ ৰাইজক অসমীয়া ভাষা সৰ্বকালৰ বাবে জাতীয় ভাষা হিচাবে থাকিব বুলি আশ্বাস। লগতে শান্তিপূৰ্ণ আন্দোলনক শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এই কথাও উল্লেখ কৰে যে, নাগৰিকত্ব সংশোধনী আইনৰ নামত কোটি কোটি লোক আহিব বুলি কোৱাটো মিছা, আৰু যি সকলে ভুল বাখ্যা কৰিছে সেইসকল প্ৰধান অসমৰ প্ৰধান শত্ৰু। যি সকলে ছাত্রসমাজক উচটনি দিছে সেইসকলো অসমীয়া জাতিৰ প্ৰধান শত্ৰু।
আন্দোলনত বহু অশুভ শক্তি মিলিত হৈছে, সেইসকলক প্ৰশ্ৰয় নিদিবলৈ আহ্বান অসমৰ জনসাধাৰণক। মই মুখ্যমন্ত্ৰী হৈ থাকিলে কেতিয়াও অসমীয়া ভাষা সাহিত্য সাংস্কৃতি আদি বিপথে যাব নিদিওঁ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে সাংবাদিকে সোধা মুছলমান সম্প্ৰদায়ৰ লোকৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এই বুলি মন্তব্য আগবঢ়াই যে, ভাৰতৰ কোনো মুছলমান সম্প্ৰদায়ৰ লোকেই ভয় কৰাৰ কোনো কথা নাই, দেশৰ প্ৰতিতো প্ৰান্ততে তেওঁলোকৰ মৰ্যাদা অটুট থাকিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ৬ নং দফা কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰিব বিচাৰিছে, সেয়ে তেওঁলোকক ভুল বুজিব নালাগে অসমৰ লোকে। ছয় নং দফা কাৰ্যকৰী কৰাৰ সকলো ব্যৱস্থাও ইতিমধ্যে কৰা হৈছে।
Photo Credit: @jyotishpawanbordoloi