
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল হিমন্ত বিশ্ব শৰ্মা
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় গোচৰটোৱে অন্য এক মোৰ লৈছে।
কামৰূপ মুখ্য ন্যায়াধীশৰ আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দিয়া এক আদেশৰ ওপৰত স্থগিতাদেশ জাৰী কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
বিষয়টোৰ ওপৰত দেশৰ মুখ্য নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক চাৰি সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও বুধবাৰে জাননী জাৰি কৰে।
২৫ ফেব্ৰুৱাৰিত আদালতত হাজিৰ হোৱা বাবে মুখ্য মন্ত্ৰী শৰ্মাক চমন জাৰি কৰাৰ পিছতে শৰ্মাই ফৌজদাৰী গোচৰ পুনৰীক্ষণৰ নিৰ্দেশ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে।
অধিবক্তা শইকীয়াই কয়, ‘বুধবাৰে আদালতে আমাৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰে আৰু কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে দিয়া ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰী কৰে। আদালতে ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰি চাৰি সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিছে’৷
উল্লেখ্য যে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
আৰু পঢ়ক : কোনবোৰ ৰাশিৰ বাবে আজি ভাল দিন; জানিবলৈ পঢ়ক ৰাশিফল