28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসমে মেঘালয়লৈ যোগান ধৰি যাব ১৬ মেট্ৰিক টন অক্সিজেন : কনৰাড চাংমাক প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰীৰ

    অসমে মেঘালয়লৈ যোগান ধৰি যাব ১৬ মেট্ৰিক টন অক্সিজেন : কনৰাড চাংমাক প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰীৰ

    অসম আৰু মেঘালয়ৰ কভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মত-বিনিময় কৰে।

    ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হোৱা এই বৈঠকত মু্খ্যমন্ত্ৰী শৰ্মাই কভিড সংক্ৰমণ ৰোধ কৰাৰ দিশত দুয়োখন ৰাজ্যই উমৈহতীয়া প্ৰচেষ্টা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

    ইয়াৰ উপৰি এই সংকটৰ সময়ত মেঘালয়লৈ প্ৰতি দিনে ১২ ৰ পৰা ১৬ মেট্ৰিক টন অক্সিজেন যোগান ধৰি থাকিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কনৰাড চাংমাক প্ৰতিশ্ৰুতি দিয়ে।

    মুখ্যমন্ত্ৰী শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক জনাই যে আৱশ্যকতা অনুযায়ী অসমে আমিনগাঁও আৰু বঙাইগাঁৱৰ পৰা প্ৰতিদিনে ১৬ মেট্ৰিকটনকৈ অক্সিজেন মেঘালয়ক যোগান ধৰিব।

    ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে কিছু সংখ্যক অক্সিজেন চিলিণ্ডাৰ মেঘালক প্ৰদানৰ বাবে সাজু কৰি ৰখা হ’ব বুলিও কয়।

    আনহাতে কভিড সংক্ৰমণ ৰোধৰ বাবে মেঘালয়ত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত বৰাক উপত্যকালৈ অত্যাৱশ্যকী সামগ্ৰীৰ যান-বাহন সমূহ যাতে বাধা নোহোৱাকৈ যাব পাৰে সেই সম্পৰ্কত নিশ্চিতি প্ৰদান কৰিছে মেঘালয় চৰকাৰে।

    কভিড সম্পৰ্কীয় অন্য বিষয় সম্পৰ্কতো আলোচনা হোৱা এই বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

    আৰু পঢ়ক : আজি অসমত ৭৩ গৰাকীয়ে প্ৰাণ হেৰুৱালে কভিডত, ৫৮৩৫ গৰাকী আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং