28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জন-বিস্ফোৰণক লৈ শংকিত চৰকাৰ, মুছলমান মহিলাক বিশেষভাৱে শিক্ষাৰ ব্যৱস্থা কৰিব চৰকাৰে

    জন-বিস্ফোৰণক লৈ শংকিত চৰকাৰ, মুছলমান মহিলাক বিশেষভাৱে শিক্ষাৰ ব্যৱস্থা কৰিব চৰকাৰে। আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক বৈঠকত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। জন-বিস্ফোৰণক লৈ শংকিত অসম চৰকাৰ। যাৰ বাবে বৰ্তমানে কবলৈ গলে থকা ঠাইৰ অভাৱ হোৱা বুলি কব বিচাৰে মন্ত্ৰী হিমন্তই।

    সেয়ে আমছু (AAMSU) আৰু এ আই ইউ ডি এফক (AIUDF) দলক জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমম্ত বিশ্ব শৰ্মাৰ।

    জন-বিস্ফোৰণ সন্দৰ্ভত মুক্যমন্ত্ৰী শৰ্মাই কয় যে, ‘এনেদৰে জনসংখ্যা বৃদ্ধি পাই গৈ থাকিলে কোনোবা দিন তেওঁলোকে কামাখ্যা মন্দিৰতো দখল কৰিব’।

    উচ্ছেদিত লোক সকলক বৰপেটা, জনীয়া, বাঘবৰত চৰকাৰী মাটি দিয়াত চৰকাৰৰ কোনো আপত্তি নাই বুলিও সদৰি কৰে। কিনন্তু ১০টা-১৫ টাকৈ সন্তান জন্ম হ’লে শেষলৈ কত ঠাই পাব চৰকাৰে। এই ক্ষেত্ৰত ৰগৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে,শেষত তেওঁৰ ঘৰতে ঠাই দিব লাগিব।

    যাৰ বাবেই অসম চৰকাৰৰ ফালৰ পৰা আজি মুকুলি ভাবে আহ্বান জনাই জনসংখ্যা নিয়ন্ত্ৰণ লগতে মুছলমান মহিলাৰ শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰা।

    আৰু পঢ়ক : আৰম্ভ হ’ল বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ, চাব পাৰিবনে ? জানক সবিশেষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং