29 C
Guwahati
Saturday, September 18, 2021
More

    আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস; মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ টুইট

    আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস; মুখ্যমন্ত্ৰী, বনমন্ত্ৰীৰ টুইট

    আজি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হৈছে।

    দেশৰ বিভিন্ন ৰাজনৈতিক নেতা সকলৰ লগতে অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো টুইটাৰত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস সম্পৰ্কে টুইট কৰে।

    “প্ৰতিবছৰে ২৯ জুলাইত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰি অহা হৈছে। মূলত বাঘৰ বাসস্থান সংৰক্ষণ আৰু এই সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই এই প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন কৰি অহা হৈছে।”-টুইটাৰত পৰিমল শুক্লবৈদ্যই এইদৰে লিখে।

    ইপিনে, বিগত সময়ছোৱাত অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যাও যথেষ্ট বৃদ্ধি হৈছে বুলি বন মন্ত্ৰী গৰাকীয়ে নিজৰ টুইটত উল্লেখ কৰে।

    ভাৰতৰ ভিতৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত বাঘৰ ঘনত্ব দ্বিতীয় সৰ্বাধিক বুলিও শুক্লবৈদ্যই লিখে।

    বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী বিমল বৰায়ো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসক লৈ টুইট কৰে।

    অসম চৰকাৰৰ তৰফৰ পৰা টাইমছ অফ ইণ্ডিয়া সংবাদ পত্ৰত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে এক বিজ্ঞাপনো প্ৰকাশ কৰা হৈছে।

    ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰেও আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস সম্পৰ্কে টুইট কৰে।     

    আৰু পঢ়ক : নিজৰ গাত প’ষ্টাৰ লগাই আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল চলাই প্ৰতিবাদ সাংসদ ৰিপুন বৰাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং