চিকিৎসা মহাবিদ্যালয়ত প্ৰতিটো জনগোষ্ঠীৰ বাবে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটত

0
1057

চিকিৎসা মহাবিদ্যালয়ত প্ৰতিটো জনগোষ্ঠীৰ বাবে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটত।

জনতা ভৱনত সমাপ্ত কেবিনেট বৈঠক, আজিৰ কেবিনেটত গ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত প্ৰতিটো জনগোষ্ঠীৰে কাৰণে বৃদ্ধি হ’ব আসন।

প্ৰতিটো জনগোষ্ঠীৰ কাৰণে দুখনকৈ আসন বৃদ্ধি কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ। মৰান মটক, চুতীয়া, চাহ জনগোষ্ঠীৰ বাবে বিশেষভাৱে দুখনকৈ আসন বৃদ্ধিৰ সিদ্ধান্ত।

আনহাতে সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ বাবে বিশেষ সিদ্ধান্ত। ফিচাৰী বিভাগৰ আধিনত থকা বিল সমুহ সৌৰ শক্তি উৎপাদনৰ বাহে ব্যৱহাৰ কৰিব।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ক এই সন্দৰ্ভত দ্বায়িত্ব দিয়া হৈছে । মাছৰ উৎপাদনত ক্ষতি নোহোৱাকৈ এই ব্যৱস্থা কৰা হ’ব।

আসাম ফ’ডাৰ মিচন গঠন কৰা হ’ব। গাখীৰ উৎপাদনৰ বাবে ঘাঁহ প্ৰস্তুত কৰা হ’ব। ৭বছৰৰ লক্ষ্যৰে ঘাঁহ উৎপাদন কৰি গাখীৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত।

চাহ বাগানৰ ক্ষেত্ৰতো বোনাচ দিয়াৰ বাবে বিশেষ আঁচনি মুকলি কৰা হয় আজিৰ কেবিনেটৰ সিন্ধান্তৰ অন্তত। ইয়াৰ বাবে ১৮.০২কোটি টকা মুকলাই দিব চৰকাৰে।

কামৰূপ, যোৰহাট আৰু হাইলাকান্দিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম আগবঢ়াবলৈ নিবলৈ ৪৬.৩৮ কোটি টকা আবন্তন দিয়া হৈছে।

শেষত এইবাৰৰ গুনোৎসৱত ৪৮২৬ খন বিদ্যালয়ে A গ্ৰেট পোৱাৰ বাবে ২৫হাজাৰকৈ টকা দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। এই ২৫হাজাৰ টকাটো অনুদান হিচাপে দিয়া হ’ব বিদ্যালয় সমূহত।