16 C
Guwahati
Friday, December 3, 2021
More

    ৰাজ্যৰ শিক্ষা ব্যাৱস্থা সন্দৰ্ভত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ বৈঠকত?

    আজি বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যৰ শিক্ষা ব্যাৱস্থাত আমূল পৰিৱৰ্তন ঘটোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যৰ শিক্ষা ব্যাৱস্থাত পৰিৱৰ্তন সাধন কৰা হ’ব বুলি কেবিনেট বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

    ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰিবলগীয়া ৰাজ্যিক শিক্ষা ব্যাৱস্থাত ৰাজ্যৰ শিক্ষাৰ্থী সকলে এতিয়া হাইস্কুললৈ মুঠ ১৫ বছৰ অধ্যয়ন কৰিব লাগিব।

    ৫+৩+৩+৪ৰ আধাৰত এতিয়া শ্ৰেণীসমূহ বিভক্ত কৰা হ’ব। প্ৰথম পাঁচটা বছৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বুনিয়াদী শিক্ষা গ্ৰহণৰ সময় হ’ব।

    নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীক সংলগ্ন কৰি এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্য্যায় হ’ব।

    ইপিনে, মুখ্য মন্ত্ৰী শৰ্মাই নতুন শিক্ষা নীতিৰ আধাৰত ২০২৩ বৰ্ষৰ পৰা ৰাজ্যত নতুন পাঠ্যক্ৰম সজাই তোলা হ’ব বুলিও সংবাদমেলত সদৰী কৰে।

    আনহাতে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ছেবাকো সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কেবিনেটৰ বৈঠকত।

    আৰু পঢ়ক : তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়কক মঞ্জুৰি কেন্দ্ৰীয় কেবিনেটৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং