27 C
Guwahati
Thursday, September 29, 2022
More

    অসমৰ চৰকাৰী চিকিৎসকৰ বাবে সুখবৰ; অৱসৰৰ সময়সীমা বৃদ্ধি

    আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি, চৰকাৰী চিকিৎসকৰ চাকৰিৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

    পূৰ্বতে চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়য় ৬৫ আছিল যদিও এতিয়া এই সময়সীমা বৃদ্ধি কৰি ৭০ বছৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    ৰাজ্যখনত চৰকাৰী চিকিৎসকৰ নাটনিৰ সমস্যা দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লয় আজিৰ কেবিনেটে।  

    ইফালে, কেবিনেটে লোৱা আন এটা সিদ্ধান্ত হ’ল চাকৰি কালতে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ লগতে অসম কেডাৰৰ আই এ এছ, আই পি এছ বিষয়াৰ পৰিয়ালক চাকৰি থকা দিনলৈ সম্পূৰ্ণ দৰমহা দিয়া হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং