31 C
Guwahati
Thursday, September 29, 2022
More

    কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; এতিয়াৰ পৰা নাথাকিব ‘মণ্ডল’ পদ

    আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত প্ৰশাসনিক সংস্কাৰৰ অংশ স্বৰূপে মণ্ডল শব্দটো উঠাই দি ‘লেণ্ড ৰেকৰ্ড এছিছটেণ্ট’ নামেৰে নতুন পদ সৃষ্টি কৰাৰ সিদ্ধান্ত লয়।

    কেবিনেটে সিদ্ধান্ত লয় যে ৰাজ্যত ‘লেণ্ড ৰেকৰ্ড এছিছটেণ্ট নিযুক্তিৰ বাবে এটা বিশেষ কেডাৰ গঠন কৰা হ’ব। এজন আবেদনকাৰীৰ নূন্যতম অৰ্হতা স্নাতক পৰ্যায়ত নিৰ্ধাৰণ কৰা হৈছে।

    এজন লেণ্ড ৰেকৰ্ড এছিচটেণ্টক লেণ্ড ৰেকৰ্ড ছুপাৰভাইছাৰলৈ আৰু তাৰ পৰৱৰ্তী সময়ত এজন লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰলৈ পদোন্নতি দিয়া হ’ব। লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰ আৰু লেণ্ড ৰেকৰ্ড অফিচাৰ পদ দুটা গেজেটেড।

    ইয়াৰ উপৰি লেণ্ড ৰেকৰ্ড এছিছটেণ্টে সৰ্বাধিক এখন জিলাত পাঁচবছৰ চাকৰি কৰাৰ পিছতহে বদলি কৰা হ’ব।

    আনহাতে, বিকল হৈ থখা ৰাজ্যৰ দুটা কাগজ কলৰ ৬৬ গৰাকী কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগত নিযুক্ত দিয়া হ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং