29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মেঘালয়ত ব্যৱসায় কৰিব নিদিয়ে অসমৰ ব্যৱসায়ীক! নিৰ্যাতনৰ অভিযোগ

    পুনৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ ব্যৱসায়ীক নিৰ্যাতনৰ অভিযোগ । গাৰো ছাত্ৰ সন্থা চমুকৈ GSU ৰ নামৰ সংগঠনে ব্যৱসায়ী সকলক মাৰপিট কৰি মেঘালয়ৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে।

    দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা প্ৰায় প্ৰতিদিনে কেবা শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী মেঘালয়লৈ গৈ দোকান পাঠ কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে ।

    আজি দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতি সপ্তাহিক বজাৰত শতাধিক শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ী দোকান বহুৱাৰ লগে লগে gsu নামৰ সংগঠন আহি দোকান ভাঙি দি মাৰপিট কৰি মেঘালয়ত ব্যৱসায়ী কৰিবলৈ নিদিয়ে বুলি ভাবুকি দিয়ে।

    উপায়হীন হৈ মেঘালয়ৰ পৰা ব্যৱসায়ী সকল নিজ ঘৰলৈ পলাই আহিবলগীয়া হয় ।

    সম্প্ৰতি ব্যৱসায়ী সকল মেঘালয়ৰ সৈতে অসহযোগ আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

    দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা প্ৰতিদিনে শতাধিক শাক পাচলিৰ গাড়ী ভৰ্তি কৰি ৰপ্তানি কৰা মেঘালয়ত ।

    মেঘালয়ত এনেকৈ gsu নামৰ সংগঠনটোৱে ব্যৱসায়ী সকলক নিৰ্যাতন চলালে অসহযোগ কৰিব বুলি ভাবুকি দিয়া পৰিলক্ষিত হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।