
এইবাৰৰ বাজেট তিনিটা মূল দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে, দৰিদ্ৰতা আৰু মহিলাৰ ক্ষেত্ৰত কি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে…
আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব বাজেট। দিনৰ ১১ বজাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব অজন্তা নেওগে। ইতিমধ্যে বাজেট লৈ বিধানসভাত উপস্থিত হৈছে বিত্তমন্ত্ৰীগৰাকী।
বিধানসভাত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত অজন্তা নেওগে কয়, ‘‘এইবাৰৰ বাজেট তিনিটা মূল বিন্দুৰ ওপৰত গুৰুত্ব। সেইকেইটা হ’ল স্বনিয়োজন, দৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষা।
মহিলাৰ ক্ষেত্ৰতো প্ৰাধান্য থাকিব বাজেটত। নিয়োগ সৃষ্টি আমাৰ চৰকাৰৰ মূল লক্ষ্য। শিক্ষাত আমোল পৰিৱৰ্তনৰ সূচনা দেখিব বাজেটত। দৰিদ্ৰতা নিমূলৰ প্ৰতিফলন ঘটিব এই বাজেটত।’’