27 C
Guwahati
Friday, December 3, 2021
More

    চৰাইদেউত চাঞ্চল্য! ২ যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ,গাঁত খান্দি পুঁতি থোৱা আৰু…

    চৰাইদেউত চাঞ্চল্য! ২ যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ,গাঁত খান্দি পুঁতি থোৱা আৰু…

    চৰাইদেউৰ কানুবাৰী বালিজানত তীব্ৰ উত্তেজনা। অসমৰ দুজন যুৱকক নগা দুৰ্বৃত্তৰ অপহৰণৰ লগতে গুলী কৰি হত্যা কৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি অপহৰণ কৰি দুয়োকে অকথ্য নিৰ্যাতন চলাইছিল দুৰ্বৃত্ত সকলে।

    অসম ৰাইফলচৰ তৎপৰতাত উদ্ধাৰ ২ যুৱক।নিৰ্যাতনৰ সন্মুখীন হোৱা ২ যুৱক প্ৰাঞ্জল বাচা আৰু নৱজিত লাহন বুলি জানিব পৰা গৈছে।

    যুৱক দুজনে জনোৱা অনুসৰি দুয়ো নাগালেণ্ডৰ বজাৰলৈ গৈছিল আৰু দোকান এখনত টকা খুচুৰা কৰিব লঁওতেই কেইজনমান নগা দুৰ্বৃত্তই দুয়োকে অপহৰণ কৰি লৈ যায়। উল্লেখ্য় যে, যুৱকদ্বয়ক গাঁত খান্দি পুঁতি থোৱাৰো ভাবুকি জনাই।

    আৰু পঢ়ক :  পৰ্যটকৰ বাবে সুখবৰ; অহা ১ ডিচেম্বৰৰ পৰা উত্তৰ-পূবৰ বৃহৎ পৰ্যটন উৎসৱ ‘হৰ্ণবিল ফেষ্টিভেল’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং