অসম বিধানসভাত বাংলাদেশী মূলৰ বিধায়ক! ফেচবুকত নিজেই কৰিলে স্বীকাৰ

0
322
ফটো উৎস : ফেচবুক

অসম আন্দোলনৰ পিছৰে পৰা ব্যাপক ৰূপত চৰ্চা হৈ থকা এটা শব্দ হৈছে বাংলাদেশী। এই শব্দটোৱে ৰাজ্যৰ ৰাজনীতিতো প্ৰচুৰ প্ৰভাৱ পেলায় আহিছে বা পেলাই আহিব।

অসমত লাখ লাখ বাংলাদেশী লোক অবৈধভাৱে বাস কৰি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসম বিধানসভাত এগৰাকী বাংলাদেশী মূলৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে নেকি তাক লৈ এতিয়া বৃহত প্ৰশ্নৰ অৱতাৰণা হৈছে।

এগৰাকী বিজেপি বিধায়কে নিজৰ ফেচবুক প্ৰফাইলৰ পৰা কেইখনমান ফটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা সকলোৰে মনত এই প্ৰশ্ন উত্থাপিত হৈছে।

বিধায়কগৰাকী হৈছে শিলচৰৰ দ্বীপায়ন চক্ৰৱৰ্তী।

এক চৰকাৰী কাৰ্যসূচীৰ বাবে বাংলাদেশলৈ যোৱা দ্বীপায়ন চক্ৰৱৰ্তীয়ে বুধবাৰে ফেচবুকৰ জৰিয়তে ফটো কেইখন শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল যে তেওঁ পৈত্ৰিক ভেটিত সেৱা কৰাৰ সৌভাগ্য অৰ্জন কৰিলে।

এই পষ্টৰ জৰিয়তে এইটো স্পষ্ট হৈছে যে বিধায়কগৰাকীৰ পিতৃ বাংলাদেশীয় মূলৰ। তেওঁ উল্লেখ কৰা অনুসৰি তেওঁৰ পিতৃৰ ঘৰ আছিল বাংলাদেশৰ ছিলেট জিলাৰ ঢাকা দক্ষিণ, লক্ষণাবন্দত।

ফেচবুকত শ্বেয়াৰ কৰা প’ষ্টটোৰ স্ক্ৰীণশ্বট

অৱশ্যে এটা কথা জানিব পৰা হোৱা নাই যে তেওঁৰ পিতৃ বা পূৰ্বপুৰুষ কেতিয়া অসমলৈ আহিছিল বা কোন সময়ত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। ছ’চিয়েল মিডিয়াৰ পৰা সংবাদ মাধ্যমত প্ৰচাৰ হোৱা এই বিষয়টোক লৈ বিধায়ক চক্ৰৱৰ্তীয়ে কি মন্তব্য কৰে সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিৰ্বাচিত হৈছিল দ্বীপায়ন চক্ৰৱৰ্তী।