
উত্তাল শীতকালীন বিধানসভাৰ অধিৱেশন- কেইবা মিনিটৰ বাবে স্থগিত সদন
উত্তাল শীতকালীন বিধানসভাৰ অধিৱেশন- কেইবা মিনিটৰ বাবে স্থগিত সদন। শিৱসাগৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ।
তাৰ পিছতে উত্তাল হৈ পৰে সদন। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল হৈ বিধানসভাৰ মজিয়া। যাৰ বাবে ১০ মিনিটৰ বাবে স্থগিত হয় সদন।
অখিল গগৈৰ উপৰিও, বিৰোধী কংগ্ৰেছেও আনিছিল ভূমি কেলেংকাৰীৰ প্ৰসংগ। যাৰ বাবে সদন অধিক উত্তাল হৈ পৰাত সভা স্থগিতৰ প্ৰস্তাৱ।
প্ৰস্তাৱতো সদনৰ মজিয়াত পাঠ কৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে বিধায়ক অখিল গগৈৰ লগতে অন্যান্য বিৰোধী বিধায়কসকল।
আনহাতে শাসকীয় বিধায়কসকলেও অখিল গগৈৰ অৰ্কিড পাৰ্কৰ ভূমি বেদখলৰ প্ৰসংগ উত্থাপন কৰে।
শাসক বিৰোধীৰ বাক যুদ্ধত সদন উত্তাল হৈ পৰাত ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
উল্লেখ্য যে, আজিৰে পৰা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। গৰুখুটিৰ ঘটনাক লৈয়ো প্ৰশ্ন কৰাৰ পাছতে উত্তপ্ত হৈ পৰে অসম বিধানসভাৰ মজিয়া।
আৰু পঢ়ক : পিতৃ-মাতৃক অকালতে হেৰুৱাই নিথৰুৱা ৰবি, অকলেই কৰি গৈছে জীৱন সংগ্ৰাম