বদৰুদ্দিনক কোলাত লৈ ঘুৰি থকা ৰাহুল গান্ধীয়ে অনুপ্ৰৱেশকাৰীক কেনেকৈ ৰোধ কৰিব – অমিত শ্বাহ

0
96
বদৰুদ্দিনক কোলাত লৈ ঘুৰি থকা ৰাহুল গান্ধীয়ে অনুপ্ৰৱেশকাৰীক কেনেকৈ ৰোধ কৰিব - অমিত শ্বাহ

বদৰুদ্দিনক কোলাত লৈ ঘুৰি থকা ৰাহুল গান্ধীয়ে অনুপ্ৰৱেশকাৰীক কেনেকৈ ৰোধ কৰিব – অমিত শ্বাহ : দুদিনীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নাজিৰাৰ এক জনসভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধী দললৈ তীব্ৰ বাক্য বাণ নিক্ষেপ কৰে।

সভাত অমিত শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় য়ে, যি জন ব্যক্তিয়ে বদৰুদ্দিন আজমলক কোলাত লৈ ঘুৰে সেই ব্যক্তিয়ে অসমত অবৈধ অনুপ্ৰৱেশকাৰী কেনেকৈ ৰোধ কৰিব।

লগতে কয় যে, নিৰ্বাচন আহিলেহে কংগ্ৰেছৰ চাহ বাগিচালৈ মনত পৰে। ১৫ বছৰ ধৰি অসমত কংগ্ৰেছ চৰকাৰ থকাৰ পিছতো চাহ বাগিচাৰ জনগণৰ বাবে একো নকৰিলে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে মাত্ৰ ৫ বছৰতে ৪৪৫ খন চাহ বাগিচাত ১৩০টা ভ্ৰাম্যমাণ চিকিৎসা গোটৰ ব্যৱস্থা কৰিছে। ৪০ লাখৰো অধিক চাহ শ্ৰমিক ইয়াৰদ্বাৰা উপকৃত হৈছে। বহু চাহ শ্ৰমিকক মাহিলী আৰ্থিক সাহায্যও দিলে।

আন্দোলন, সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰ অহাৰ পিছতে অসমক আন্দোলনমুক্ত আৰু সন্ত্ৰাসবাদমুক্ত কৰিলে।

লগতে কয় যে, কংগ্ৰেছে ইমান বছৰ শাসনত থাকিও ড° ভূপেন হাজৰিকাক একো বিশেষ সন্মান জানিব নোৱাৰিলে। বিজেপি চৰকাৰে হে ভূপেন হাজৰিকাদেৱক ‘ভাৰত ৰত্ন’ সন্মানেৰে সন্মানিত কৰিলে।

আৰু পঢ়ক : নিৰ্বাচনৰ প্ৰাকক্ষণত ধন দাবী কৰিবলৈ আহি ব্যৱসায়ীৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ দলৰ, আক্ৰমণকাৰীকো ঘপিয়ালে ৰাইজে