
গোলাঘাট জিলাৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক চালক নিহত হোৱাৰ খবৰ আহিছে।
এখন পালচাৰ বাইক আৰু বোলেৰ’ পিক আপ ভেনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উৰিয়ামঘাটৰ পৰা সৰুপথাৰ অভিমুখী বোলেৰ’ পিক আপত খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় বাইক চালকজন।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বাইক আৰোহীজনক ততাতয়াকৈ সংকটজনক অৱস্থাত সৰুপথাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
বৰ্তমান সময়লৈকে মৃত যুৱকজনক চিনাক্ত কৰিব পৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ইনপুট : দিবাকৰ বৰা