অসমৰ ৫ হেক্টৰ ভূমি অবৈধ ভাৱে দখল অৰুণাচলীৰ

0
308
অসমৰ ৫ হেক্টৰ ভূমি অবৈধ ভাৱে দখল অৰুণাচলীৰ

অসমৰ ৫ হেক্টৰ ভূমি অবৈধ ভাৱে দখল অৰুণাচলীৰ

লখিমপুৰত অব্যাহত অৰুণাচলীৰ আগ্ৰাসন। অসম-মিজোৰামৰ সীমা বিবাদক লৈ ৰাজনৈতিক মহল গৰম হৈ থকাৰ সময়তে লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰঙা ৰিৰ্জাভৰ কিমিন এলেকাত ৫ হেক্টৰ অসমৰ ভূমি অবৈধ ভাৱে দখল কৰি অৰুণাচলীৱে গোপনভাৱে চাহ পুলি ৰোপণ কৰাৰ পাছতে লখিমপুৰ জিলাৰ বন বিভাগ তৎপৰ হৈ পৰে৷

লখিমপুৰ জিলা উপায়ূক্ত আৰু জিলা বন প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে হাৰমতী আঞ্চলিক বন বিষয়া নয়ন জ্যোতি গগৈৰ নেতৃত্বত বন কৰ্মী আৰু আৰক্ষীৰ সহযোগত অৰুণাচলীয়ে ৰোপণ কৰা চাহ গছৰ পুলি সমূহ উচ্ছেদ কৰে৷

বিগত কিছুদিন ধৰি এচাম অৰুণাচলী লোকে অসম-অৰুণাচল চুক্তিৰ লগতে কেন্দ্ৰীয় চৰকাৰে আইনীভাৱে ঘোষণা কৰা দুয়ো ৰাজ্যৰ শান্তিচুক্তি ভংগ কৰি অসমৰ ভূমি বেদখল কৰা ঘটনাই অসম-অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাটো চেপা উত্তেজনা বিৰাজ কৰিছে৷

অৰুণাচলীৰ আগ্ৰাসনৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ প্ৰশাসনে বিষয়টি গুৰুত্ব সহকাৰে নললে পুনৰ জিলাখনৰ কিমিন, ৰঙাডি ৰিৰ্জাভ, পিছলা, তৰাজুলিকে ধৰি বহু অসমৰ এলেকা অৰুণাচলৰ পাপুমপাৰে জিলাত অন্তৰ্ভুক্ত হোৱাটো নুই কৰিব নোৱাৰি।

Input and Photo- Hassinur Alom

আৰু পঢ়ক : অসমে ‘বিগ ডেডী’ৰ দৰে আচৰণ কৰিছে, মিজোৰামৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ