27 C
Guwahati
Friday, December 3, 2021
More

    ‘APSC-ACS পৰীক্ষা আৰু অসমীয়া প্ৰশ্ন কাকত’- বহিৰাগতক ৰঙা দলিছা পৰি দিয়া বুলি প্ৰতিবাদত উত্তাল অসম

    ‘APSC-ACS পৰীক্ষা আৰু অসমীয়া প্ৰশ্ন কাকত’- বহিৰাগতক ৰঙা দলিছা পৰি দিয়া বুলি প্ৰতিবাদত উত্তাল অসম

    ‘APSC-ACS পৰীক্ষা আৰু অসমীয়া প্ৰশ্ন কাকত’- বহিৰাগতক ৰঙা দলিছা পৰি দিয়া বুলি প্ৰতিবাদত উত্তাল অসম। অসমীয়া কাকত কৰ্তন কৰাক লৈ জ্বলিছে অসম।

    অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ। বিভিন্ন জনে দিছে বিভিন্ন মন্তব্য। প্ৰায় সকলোৰেই মন্তব্য- এই সিদ্ধান্ত কেতিয়াও গ্রহণযোগ্য হব নোৱাৰে।

    কাৰ কি কি মন্তব্য-

    কুলধৰ শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান, তেখেতে এই ক্ষেত্ৰত কয় যে, দেশৰ অন্য ৰাজ্য সমূহত নিজৰ নিজৰ স্থানীয় ভাষাক অগ্ৰাধিকাৰ দিয়া হৈছে। আনকি সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাতো অসমীয়া ভাষাই স্থান পাই তেনে ক্ষেত্ৰত অসমতেই অসমীয়া ভাষা নোহোৱা কৰাৰ সিদ্ধান্ত ভুল। অসম সাহিত্য সভাৰ এই সিদ্ধান্ত হঠকাৰী আখ্যা।

    প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, সভ্যতা ৰক্ষা কৰিম বোলা চৰকাৰে কিয় এনে সিদ্ধান্ত ললে সেয়া সঁচাকৈয়ে আচৰিত। ই মাতৃভাষাক অপমান কৰাৰ দৰে। ভাষাৰ উত্তৰণৰ বাবেহে চৰকাৰে কাম কৰা উচিত। সকলোৱে এই সিদ্ধান্ত গুৰুত্বসহকাৰে লোৱা উচিত, চৰকাৰৰ এই জাতি বিৰোধী সিদ্ধান্ত মানি লব নালাগে ইয়াৰ প্ৰতিবাদ কৰা উচিত।

    সমুজ্জ্বল ভট্টাচাৰ্যই কয়- যি সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা ভাৰতীয় লোকসেৱা আয়োগত অসমীয়া ভাষাক মৰ্যাদা প্ৰদান কৰা হৈছে, তেন্তে ক্ষেত্ৰত অসমতেই অসমীয়া ভাষা এলাগী কৰা সিদ্ধান্ত গ্ৰহণযোগ্য হব নোৱাৰে। এয়া অসমীয়া জাতি, অসমীয়া ভাষাৰ প্ৰতি চূড়ান্ত অপমান। শীঘ্ৰেই ইয়াক প্ৰত্যাহাৰ কৰক।

    ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি এই বিষয়টো সন্দৰ্ভত কয় -APSC ৰ পৰীক্ষাৰ ক্ষেত্ৰত শেহতীয়াকৈ লোৱা সিদ্ধান্তই অসমীয়া ভাষাক এলাগী কৰাৰ ষড়যন্ত্ৰ । বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা অসমৰ ভাষা সংস্কৃতি সকলো বিপদত । বহিৰাগত লোকক বৰপীৰা পৰাৰ দৰে কাম কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ মূৰত পোক আছে। কেৱল নিজৰ নাম উজ্জ্বল কৰাৰ স্বাৰ্থত এনে ধৰণৰ কাম সমূহ কৰি আছে ।

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই সিদ্ধান্তৰ বিৰোধ কৰি কয়, বহিৰাগতক ৰঙা দলিচা পৰাৰ ই এক কৌশল । এয়া অসম চৰকাৰৰ আত্মঘাতী সিদ্ধান্ত। কেতিয়াও এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়, ইয়াক প্ৰত্যাহাৰ কৰিবলৈ দাবী।

    লোকসেৱাৰ পৰীক্ষাত অসমীয়া ভাষাৰ যোগ্যতামূলক কাকত প্ৰত্যাহাৰত জাতীয় ঐক্য শক্তি অসমৰ কেন্দ্ৰীয় সভাপতি চন্দন গৌতমৰ প্ৰতিক্ৰিয়া প্ৰকাশ, তেখেতে কয়- অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিলে অনা অসমীয়াই নিযুক্তি পাব, যিয়ে অসমৰ বিষয়ে একোকে নাজানিব। ইয়াৰ ফলত ভৱিষ্যতে কোৰ্ট কাচাৰিতো অসমীয়া ভাষা নোহোৱা হৈ পৰিব। যদি চৰকাৰে ভাবিছে ইয়াৰ পৰা অসমীয়া জাতিৰ বেছি উন্নতি হবা তেন্তে এই ক্ষেত্ৰত বিতংভাৱে কিদৰে অসমীয়া ভাষাৰ প্ৰশ্ন উঠাই অসমীয়া ভাষা উন্নতি কৰিব বুজাই দিয়ক অসমবাসীক।

    মুখ্যমন্ত্ৰীয়ে কি কৈছিল-

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত লৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে, পূৰ্বতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কিছু দ্বিধা ভাৱ আছিল। ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে কৈছিল অসমীয়া প্ৰশ্ন খনৰ সময়ত প্ৰতিযোগিতা কৰা টান হৈ পৰে। তেনেদৰে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলে কৈছিল ইংৰাজী প্ৰশ্ন খনত তেওঁলোকৰ সমস্যা থকাৰ কথা। সেয়ে সিদ্ধান্ত লোৱা হৈছে, লেংগুৱেজ (ভাষা) পেপাৰ নাথাকে। অসমীয়া ভাষাৰ প্ৰশ্ন কাকতো নাথাকে, ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতো নাথাকে।তাৰ বিপৰীতে তিনিটা চৰ্ত থাকিব-
    ১-অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক।
    ২-অসমৰ নিয়োগ বিনিময় কেন্দ্ৰ ( Employment Exchange in Assam) ত নাম পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক।
    ৩-অসমীয়া ভাষা নাইবা অসমৰ সহযোগী ভাষা নাইবা অসমৰ যিকোনো জনজাতীয় এটা ভাষা সলসলীয়াকৈ কব পৰা হব লাগিব।

    কেবিনেট সন্দৰ্ভত আৰু পঢ়ক – ৰাজ্যৰ শিক্ষা ব্যাৱস্থা সন্দৰ্ভত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ বৈঠকত?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং