31 C
Guwahati
Wednesday, September 22, 2021
More

    সকলোকে লাগে অসমৰ ভূমি, মিজোৰামৰ পিছত এইবাৰ অৰুণাচলৰ আগ্ৰাসন

    দুই ৰাজ্যৰ আৰক্ষীৰ জৰুৰীকালীন যুটীয়া বৈঠক

    সকলোকে লাগে অসমৰ ভূমি, মিজোৰামৰ পিছত এইবাৰ অৰুণাচলৰ আগ্ৰাসন

    সকলোকে লাগে অসমৰ ভূমি, মিজোৰামৰ পিছত এইবাৰ অৰুণাচলৰ আগ্ৰাসন। অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন। পুনৰাবৃত্তি হব নেকি লাইলাপুৰৰ ঘটনাৰ । দুই ৰাজ্যৰ আৰক্ষীৰ জৰুৰীকালীন যুটীয়া বৈঠক।

    অসমৰ ভূমিক লৈ এতিয়া সকলোৰে চকু। কেইবাখনো চুবুৰীয়া ৰাজ্যই বিভিন্ন সময়ত অসমৰ ভূমি আগ্ৰাসন কৰি অহাৰ অভিযোগ দীৰ্ঘ দিনৰে পৰা। যাৰ বাবেই বৰ্তমানে অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি।

    এইবাৰ অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অধীনৰ “ব্লক-১” আৰু “ব্লক-২” ৰ একাংশ ভূমিত মেঘালয়ে আগ্ৰাসন অব্যাহত ৰাখিছে । ইতিমধ্যে অসমৰ BOP পাৰ হৈ প্ৰায় ১১ কিলোমিটাৰ ভিতৰত অসমৰ মাটিত মেঘালয়ে বহু দিন পূৰ্বে স্থাপন কৰিছিল মেঘালয়ৰ BOP।তাৰোপৰি বিভিন্ন উন্নয়নমূলক কাম, ধৰ্মীয় অনুষ্ঠান আদি স্থাপন কৰি আগ্ৰাসন অব্যাহত ৰাখিছ।

    এই ঘটনাক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি দুয়ো ৰাজ্যৰ মাজত মাজে মাজে উত্তেজনাৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী-দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হোৱা ঘটনাৰ অসম-মেঘালয়ৰ মাজত যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষকৰ লগতে সীমা সুৰক্ষা বাহিনীৰ জোৱান সকলৰ মাজত এক বৈঠক অনুষ্ঠিত কৰা হয়।

    সীমান্ত এলেকাত কোনো দুস্কৃতিকাৰীয়ে যাতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে ইয়াৰ বাবে দুয়ো ৰাজ্যৰ আৰক্ষী প্ৰশাসনে সীমান্তত চোকা দৃষ্টি ৰাখিবলৈও এই বৈঠকত সিদ্ধান্ত গ্ৰহন কৰিছে ।

    ইফালে মেঘালয় ৰাজ্যৰ পৰা অসমলৈ চোৰাংকৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত আৰক্ষী সষ্টম হৈ থাকিব বুলিও আৰক্ষী অধীক্ষকে জানিব দিয়ে ।

    Input and Photo- Jyoti Prashad Hazarika

    আৰু পঢ়ক : নাই ধন, চৰকাৰেও নিদিয়ে চকু- গাঁৱৰ ৰাইজে মিলি বনোৱা দলং খনো শেষত উটুৱাই নিলে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং